Assembly Elections 2023 : ঘোষণা হ’ল পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন
নেশ্যনেল ডেস্ক, ৯অক্টোবৰ : ঘোষণা হ’ল পাঁচখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন(Assembly Elections 2023) । ভাৰতীয় নিৰ্বাচন আয়োগে আজি তেলেংগানা, ছত্তীশগড়, ৰাজস্থান, মধ্য প্ৰদেশ আৰু মিজোৰামৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰে। নিৰ্বাচন আয়োগৰ আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেল আয়োজন কৰি ঘোষণা কৰে ৰাজ্যকেইখনৰ নিৰ্বাচনৰ তাৰিখ(5 States To Vote From November 7 To 30, Results On December 3) ৷
এই অনুসৰি মিজোৰামত ৭ নৱেম্বৰত এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ছত্তীশগড়ত ভোটগ্ৰহণ ৭ নৱেম্বৰ আৰু ১৭ নৱেম্বৰত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব। মধ্য প্ৰদেশত ১৭ নৱেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ লগতে ২৩ নৱেম্বৰত ৰাজস্থানত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব। ৩ ডিচেম্বৰত হ’ব ৰাজ্যকেইখনৰ নিৰ্বাচনৰ ভোটগণনা(Polls in 5 states between November 7-30, results on December 3)।
ইয়াৰোপৰি, তেলাংগানাত ৩০ নৱেম্বৰ তাৰিখে ভোটগ্ৰহণ কৰা হ’ব বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰে।
উল্লেখ্য যে, মিজোৰামৰ বিধান সভাৰ কাৰ্যকাল এই বছৰৰ ১৭ ডিচেম্বৰত শেষ হ’ব। আনহাতে ছত্তীশগড় বিধানসভা, ৰাজস্থান বিধানসভা, মধ্যপ্ৰদেশ আৰু তেলেংগানা বিধানসভাৰ কাৰ্যকাল জানুৱাৰীত সমাপ্ত হ’ব । তেলেংগানা ভাৰত ৰাষ্ট্ৰ সমিতিৰ (বিআৰএছ) চৰকাৰ আৰু মধ্যপ্ৰদেশত বিজেপিৰ চৰকাৰ আছে । ছত্তীশগড় আৰু ৰাজস্থানত কংগ্ৰেছৰ চৰকাৰ আছে ।মিজোৰাম মিজো নেচনেল ফ্ৰণ্টৰ (MNF) শাসনত আছে।
এই ৰাজ্যসমূহত ভোটগ্ৰহণ নৱেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা ডিচেম্বৰৰ প্ৰথম সপ্তাহৰ ভিতৰত অনুষ্ঠিত কৰা হ’ব।
পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে প্ৰথমবাৰৰ বাবে পাঁচখন ৰাজ্যত আগন্তুক নিৰ্বাচনত ১৮-১৯ বছৰ ভিতৰৰ প্ৰায় ৬০ লাখ ভোটাৰে ভোটদানত অংশগ্ৰহণ কৰিব। যুৱ ভোটাৰসকলক অনুপ্ৰাণিত কৰিবলৈ যুৱসকলক ২৯০০ তকৈও অধিক ভোটকেন্দ্ৰ পৰিচালনা কৰিবলৈ দিয়া হ’ব বুলি নিৰ্বাচন আয়োগে জানিবলৈ দিয়ে।
এই ৰাজ্যসমূহৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে, এইবাৰ মুঠ PwD ভোটাৰৰ সংখ্যা ১৭.৩৪ লাখ। লগতে নিৰ্বাচন আয়ুক্তগৰাকীয়ে কয় যে, যদি তেওঁলোকে ভোটকেন্দ্ৰলৈ আহি ভোট দিব নোৱাৰে, তেন্তে তেওঁলোকক ঘৰৰ পৰা ভোট দিয়াৰ সুবিধাও প্ৰদান কৰা হ’ব( EC announces poll dates for 5 states, results on December 3)।
লগতে পঢ়ক :Election dates for 5 states to be announced today : আজি ঘোষণা হ’ব ৫ ৰাজ্যৰ নিৰ্বাচনৰ দিন