Local, Vocal, Global

আমেৰিকাৰ চিকাগো চহৰত অস্ত্ৰধাৰী দুৰ্বৃত্তৰ গুলীচালনা

নিউজ ডেক্স ,৫ জুলাই : আমেৰিকাৰ চিকাগো চহৰত অনুস্থিত হোৱা স্বাধীনতা দিৱসৰ পেৰেডত সাধাৰণ জনতাৰ ওপৰত গুলীচালনা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ।

চিকাগোৰ হাইলেণ্ড পাৰ্কত সংঘটিত হৈছে এই ভয়ংকৰ গুলিচালনাৰ ঘটনাত দুৰ্বৃত্তৰ গুলীত ৬জন লোকে প্ৰাণ হেৰুৱাই আৰু আন ৩০ জন লোক গুৰুতৰ ভাবে আহত হয়।

চিকাগোৰ হাইলেণ্ড পাৰ্কত অনুস্থিত হোৱা স্বাধীনতা দিৱসৰ পেৰেড অনুস্থানত একাংশ স্কুলীয়া শিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰিছিল।

আনহাতে, পেৰেড আৰম্ভ হোৱা ১০ মিনিট পিছতেই শিক্ষাৰ্থী আৰু উপস্থিত জনতাৰ ওপৰত গুলিচালনা আৰম্ভ কৰে দুৰ্বৃত্তই।

সম্প্ৰতি গুলীচালনাৰ ঘটনা সন্দৰ্ভত ৰবাৰ্ট ই ক্ৰিমো নামৰ এজন দুৰ্বৃত্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।