Local, Vocal, Global

দুবাৰকৈ কৰ’না পৰীক্ষা কৰি পূজা কৰিবলৈ আগ্ৰহী নহয় পুৰোহিত

ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰাৰ নিৰ্দেশনাই আউল লগাইছে শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গা পূজাৰ প্ৰস্তুতিত৷ দেৱী দুৰ্গাৰ শ্ৰীচৰণত পূজা অৰ্চনা কৰিবলৈ কমিটী সাজু যদিও এতিয়া বৈদিক কৰ্ম সমাপন কৰিবলৈ অমান্তি পুৰোহিতৰ৷ কিয়নো দুৰ্গা পূজাৰ পঞ্চমী তিথিৰ দিনাই প্ৰতিগৰাকী পুৰোহিতে ৰেপিড এণ্টিজেন টেষ্ট কৰাটো বাধ্যতামূলক কৰিছিল ৰাজ্যৰ স্বাস্থ্য বিভাগে৷ আৰু চৰকাৰে দিয়া এই নিৰ্দেশনাক লৈ ভয়-শংকাত ভুগিছে পুৰোহিত সমাজ৷ বিশেষকৈ গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গা পূজাৰ প্ৰস্তুতি চলাইও এতিয়া থমকি ৰ’ৱ লগা হৈছে একাংশ কমিটী৷