Local, Vocal, Global

 আজি মহাষষ্ঠী

আজি মহাষষ্ঠী । বৈদিক প্ৰথাৰে পৰম্পৰাগত  ভাবে পালন কৰা হ’ব মা দুৰ্গাৰ পূজা। এইবাৰ দোলাত উঠি ধৰালৈ নামি আহিছে দুৰ্গতিনাশিনী ।

কোভিড প্ৰ’টকল মানি পূজা পালন কৰিব ভক্তই। আহি পালে শাৰদীয় ৰাণী কিন্তু পূৰ্বৰ দৰে নাই জাকজমকতা।আজি ষষ্ঠীৰ বেদীদ বিমৰ্ষ মা দুৰ্গা।কৰ’না সৃষ্ট জটিল পৰিস্থিতি আৰু লকডাউনে কোঙা কৰা অৰ্থনৈতিক অৱস্থাৰ মাজতে দুৰ্গতিনাশিনী মা দূৰ্গাক বেদীদ আদৰিছে ৰাজ্য বাসীয়ে। কোভিডৰ সংহাৰী ৰূপে যি ত্ৰাসৰ সৃষ্টি কৰিছে তাৰ ফলত বিভিন্ন ধৰ্মৰ বিভিন্ন উৎসৱ এইবাৰ নিষ্প্ৰাণ হৈ ৰ’ল ।
সকলোৱে কেৱল ধৰ্মীয় ৰীতি-নীতি পৰম্পৰা পালন কৰাৰ বাবেহে কেৱল অনুষ্টুপিয়া কৈ পূজা আৰম্ভ কৰিছে।

প্ৰকৃতিযে নিজস্ব সৌন্দৰ্য্য ৰ পোহাৰ মেলিলেও কিন্তু এইবাৰ দুৰ্গোৎসৱৰ আগমনে আলোড়ন সৃষ্টি কৰা নাই জনসাধাৰণৰ মাজত।