দুলিয়াজানত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ

দুলিয়াজানত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হৈছে এজন লোকৰ মৃতদেহ । উদ্ধাৰ হোৱা মৃতদেহটো দুলীয়াজানৰ অইল মাৰ্কেটৰ আগৰৱালা ব্যৱসায়ী প্ৰতিষ্ঠানৰ কৰ্মচাৰী মনোজ নায়ক বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে । মংগলবাৰে বিয়লি অইল মাৰ্কেটৰ ব্যৱসায়ী প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ বুলি যোৱা পিচৰে পৰা সন্ধানহীন হৈ আছিল লোকজন ।কৰ্মচাৰীজনৰ সন্ধানত পৰিয়ালৰ লোকে স্থানীয় কেইবাঘৰো লোকৰ লগতে আত্মীয়-কুটুমৰ ঘৰত বিচাৰ-খোচাৰ কৰিছিল যদিও ক’তো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাছিল ব্যক্তিগৰাকীৰ । বুধবাৰে স্থানীয় ৰাইজে দুলীয়াজানৰ মছজিদৰ সমীপৰ অইলৰ নলাত কৰ্মচাৰীজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । উক্ত খবৰৰ ভিত্তিত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত অভিযান চলাই মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । শেহতীয়াকৈ আৰক্ষীয়ে উদ্ধাৰ হোৱা মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা কৰ্মচাৰী জনৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়ালৈ জানিবপৰা হোৱা নাই যদিও আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।