ওৰাং আৰক্ষীৰ এক বৃহৎ সফলতা। ওদালগুৰিৰ ওৰাংত জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ গাঞ্জা। এজন সৰবৰাহকাৰীৰ বিশেষ সূত্ৰৰ পম খেদি ওৰাং আৰক্ষীয়ে চলাইছিল এই অভিযান। অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰে ৬ পেকেট গাঞ্জা আৰু আৰক্ষীৰ জালত পৰে এজন গাঞ্জা সৰবৰাহকাৰী। আৰক্ষীয়ে উদ্ধাৰ কৰে ৩০ কেজি গাঞ্জা আৰু ঘটনা সন্দৰ্ভত ওৰাং আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ ।।