Local, Vocal, Global

‘Dry Day’ Declared in Kamrup (M) District Ahead of Lok Sabha Elections : প্ৰথম পৰ্যায়ৰ লোকভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা

নিউজ ডেস্ক,১৬ এপ্ৰিল : ১৯ এপ্ৰিলত দেশত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । লোকভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা ।

উল্লেখ্য যে, ১৯ এপ্ৰিলত দেশৰ কেইবাখনো ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন । অসমত অনুষ্ঠিত হ’ব ৫ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ । ইয়াৰ উপৰিও চুবুৰীয়া মেঘালয়ৰো দুয়োখন লোকসভা আসনৰ বাবে ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ(‘Dry Day’ Declared in Kamrup (M) District Ahead of Lok Sabha Elections)।

মেঘালয়ৰ এই ভোটগ্ৰহণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী মেট্ৰ’ জিলা কৰ্তৃপক্ষই ১৭ এপ্ৰিলৰ বিয়লি ৪ বজাৰ পৰা ভোটগ্ৰহণ অন্ত নপৰালৈকে ড্ৰাই ডে’ ঘোষণা কৰিছে । এই সময়ছোৱাত সকলো ধৰণৰ সুৰাৰ বিপণী বন্ধ ৰাখিব লাগিব। ইয়াৰোপৰি এই সময়ছোৱাত সুৰাৰ যোগান, বিক্ৰী গুৱাহাটীত সম্পূৰ্ণৰূপে নিষিদ্ধ। এই নিৰ্দেশৰ উলংঘন কৰিলে কঠোৰ শাস্তিৰ সন্মুখীন হ’ব লাগিব(Dry Days In Kamrup (Metro) From April 17 To April 19 For Meghalaya LS Polls)।

লগতে পঢ়ক : Rhino Killed In Collision With Tractor : বোকাখাতৰ ৰুহিতা চাপৰিত গঁড়ৰ মৃত্যু