Local, Vocal, Global

Tragic Accidents in Morigaon : মটৰচাইকল আৰু স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত দুজন

নিউজ ডেস্ক,১৬ এপ্ৰিল : ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত দুজন ।

মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত চৰাইবাহী চন্দ্ৰপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ।

জানিব পৰা মতে, মঙলবাৰে AS21M 2629 নম্বৰৰ ৰয়েল এণ্ড ফিল মটৰচাইকল আৰু এখন স্কুটিৰ মাজত মুখামুখি সংঘৰ্ষ হয় । ফলত থিতাতে এজনৰ মৃত্যু হোৱাৰ লগতে আন এজনক সংকটজনক অৱস্থাত গুৱাহাটী মেডিকেল কলেজ হাস্পতালক নিহত হয়(Tragic Accidents in Morigaon ) ।

নিহত যুৱক দুজন ক্ৰমে পূৱ বৰভগীয়াৰ প্ৰণৱ নাথ আৰু জ্যোতিষ বৰদলৈ বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, দুৰ্ঘটনাটোত মৃত্যু হোৱা দুয়োগৰাকী যুৱক চৰাইবাহী আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছিল।

যুৱক দুজনৰ অকাল মৃত্যুক মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হয়।

লগতে পঢ়ক :‘Dry Day’ Declared in Kamrup (M) District Ahead of Lok Sabha Elections : প্ৰথম পৰ্যায়ৰ লোকভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা