Local, Vocal, Global

‘Dry Day’ Declared In Assam Tomorrow : ৪ জুনত ৰাজ্যত ড্ৰাই ডে ঘোষণা; নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ড্ৰাই ডে

নিউজ ডেস্ক,৩জুন : ৪ জুনত ৰাজ্যত ড্ৰাই ডে ঘোষণা । নিৰ্বাচন আয়োগে ঘোষণা কৰিছে ড্ৰাই ডে। ৰাজ্যত এদিনৰ বাবে বন্ধ থাকিব সুৰা বিক্ৰী ।

নিৰ্বাচন আয়োগে ৪ জুনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনটোত ভোটগণনা শেষ নোহোৱা পর্যন্ত দিনটোৰ বাবে ড্রাই ডে’ ঘোষণা কৰিছে(‘Dry Day’ Declared In Assam Tomorrow)।

ড্রাই ডে’ ঘোষণা হোৱা সময়খিনিত কোনো ব্যক্তি বা দলে নিচাজাতীয় দ্রব্য মজুতকৰণ, সুৰা বিক্ৰী, মাদক দ্রব্য বিতৰণ বা হোটেলত এনে ধৰণৰ সামগ্ৰী খোৱা আদিত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

সকলো শুল্কাধীন পণ্যাগাৰ, ভাৰতত নিৰ্মিত বৈদেশিক সুৰাৰ খুচুৰা দোকান বা বাৰ অথবা ক্লাব, হোটেল, ষ্টাৰ হোটেল, দেশীয় সুৰা দোকান বা অন্য ধৰণৰ প্রতিষ্ঠানত এই ড্রাই ডে’ৰ সময়চোৱাত মদ বিক্ৰী বা মদ পৰিৱেশন কৰা বন্ধ থাকিব৷

তদুপৰি এই সময়খিনিত কোনো ব্যক্তিৰ দ্বাৰা মদ মজুতকৰণৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

আৱকাৰী আইনৰ জৰিয়তে অনুজ্ঞাপত্ৰবিহীনভাৱে মাদক দ্রব্য মজুতকৰণৰ বিষয়ত জিলা আয়ুক্তৰ দ্বাৰা ব্যাপক অভিযান চলোৱা হ’ব আৰু আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

লগতে পঢ়ক : Road Accident in Sontoli : বাইক দুৰ্ঘটনাগ্ৰস্ত, আহত তিনিজন