Local, Vocal, Global

ৰাহুল গান্ধীৰ নামত সকলো সম্পত্তি দান কৰিলে উত্তৰাখণ্ডৰ ৭৮ বছৰীয়া বৃদ্ধাই

নিউজ ডেস্ক, ৫ এপ্ৰিলঃ উত্তৰাখণ্ডৰ ডেৰাডুন চহৰৰ ডালনৱালা অঞ্চলত অৱস্থিত প্ৰেম ধাম অল্ড এজ হোমৰ এগৰাকী ৭৮ বছৰীয়া মহিলাই তেঁওৰ সমস্ত সম্পত্তি কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ নামত দান কৰে।

পুষ্পা মুঞ্জিয়াল নামৰ মহিলাগৰাকীয়ে ৫০ লাখ টকাৰ এফডি আৰু ১০ টোলা সোণ ৰাহুল গান্ধীৰ নামত কৰি দিছে। তেওঁ কয় যে তেওঁ গান্ধী পৰিয়ালৰ দ্বাৰা প্ৰভাৱিত। তেওঁ ৯ বছৰ পূৰ্বৰে পৰা যি এফডি কৰা আৰম্ভ কৰিছিল, তাত ৰাহুল গান্ধীৰ নাম নমিনি হিচাপে দিয়া আৰম্ভ কৰিছিল।

সোমবাৰে পুষ্পা মুঞ্জিয়ালৰ কন্যাই সকলো সম্পত্তিৰ মালিকানাৰ স্বত্ব ৰাহুল গান্ধীৰ নামত কৰি দি দেৰাডুনৰ আদালতত ইচ্ছাপত্ৰ দাখিল কৰে। ইয়াৰ পিছত মহানগৰ সভাপতি লালচান্দ শৰ্মা আৰু যোগ প্ৰশিক্ষক সীমা জ’হৰৰ উপস্থিতিত এই ইচ্ছাপত্ৰ প্ৰাক্তন প্ৰদেশ সভাপতি প্ৰীতম সিঙক যমুনা কলনীস্থিত বাসগৃহত প্ৰদান কৰে।

মুঞ্জিয়ালাৰ মতে ৰাহুল গান্ধীৰ দৰে নেতাৰ দেশক খুবেই প্ৰয়োজন। ৰাহুলৰ চিন্তা-চৰ্চা আৰু আদৰ্শৰ প্ৰতি অতিকে অনুপ্ৰাণিত বুলিও কয় মুঞ্জিয়ালে।