Drugs peddler arrested along with drugs:তাৰাবাৰী আৰক্ষীৰ জালত ড্ৰাগছ মাফিয়াসহ নিচাজাতীয় টেবলেট
বৰপেটা,১৫ফেব্ৰুৱাৰী : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান । শুকুৰবাৰে নিশা গোপন খবৰৰ ভিত্তিত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃণাল শৰ্মাৰ নেতৃত্বত উপ পৰিদৰ্শক মানৱজ্যোতি বৰাসহ এটি আৰক্ষীৰ দলে বাটগাঁওত অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যসহ এটা কুখ্যাত ড্ৰাগছ মাফিয়াক আটক কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ মাফিয়াটো বাটগাঁৱৰ ভোলানাথ দাসৰ পুত্ৰ প্ৰসেনজিৎ দাস বুলি জানিব পৰা গৈছে(Drugs peddler arrested along with drugs)।
গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ দলে প্ৰসেনজিৎ দাসৰ বাসগৃহত অভিযান চলাই ২৯,৪০০ টা নিচাজাতীয় টেবলেট, ১২০ টা নিচাজাতীয় দ্ৰব্যৰ বটল, নগদ ৬৮,৫৭০ টকা আৰু ম’বাইল ফোন এটা জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহত ব্যৱহৃত AS-01BJ-2567 নম্বৰৰ ইয়ন বাহন এখনো জব্দ কৰে আৰক্ষীয়ে ।
ঘটনাস্থলীত বৰপেটা জিলাৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰা ভূঞা আৰু সদৰ উপ আৰক্ষী অধীক্ষক জিতেশ বৰ্মন উপস্থিত হয়। ধৃত প্ৰসেনজিৎ দাসৰ বিৰুদ্ধে তাৰাবাৰী থানাত ১০/২০২৫ নম্বৰত গোচৰ আৰু এনডিপিএচ আইনৰ ২২(চি) ধাৰাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে। ধৃত প্ৰসেনজিৎ দাসে দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। ইয়াৰ পূৰ্বেও প্ৰসেনজিৎ দাসে ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ অভিযোগত জে’ল হাজোতলৈ যাবলগীয়া হৈছিল।
লগতে পঢ়ক :Ali Ai Ligang:ফাগুনৰ প্ৰথমটো বুধবাৰে সমগ্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আই লিগাং উদযাপন কৰিব