Ali Ai Ligang:ফাগুনৰ প্ৰথমটো বুধবাৰে সমগ্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে আলি আই লিগাং উদযাপন কৰিব
টীয়ক,১৫ফেব্ৰুৱাৰী: ফাগুনৰ প্ৰথমটো বুধবাৰে সমগ্ৰ মিচিং জনগোষ্ঠীৰ লোকসকলে কৃষিভিত্তিক উৎসৱ আলি আই লিগাং উদযাপন কৰিব। তাক লৈ এতিয়া ব্যস্ত ৰাজ্যৰ মিচিং জনগোষ্ঠীয় লোকসকল।
ব্যতিক্ৰম নহয় টীয়কতো।এয়া টীয়ক নগৰৰ মিচিং কৃষ্টি সমিতিয়ে আয়োজন কৰা আলি আই লিগাঙৰ পৰিবেশ(Ali Ai Ligang)।
উল্লেখযোগ্য যে, টীয়ক নগৰ মিচিং কৃষ্টি সমিতিয়ে এইবাৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন কৰিছে। সেয়ে পূৰ্বতকৈ এইবাৰ অধিক উলহ মালহে আলি আই লিগাঙ উদযাপন কৰিবলৈ প্ৰস্তুতি চলাইছে এইসকল ৰাইজে। মূলত: ধান সিঁচাৰ পৰ্বৰ পৰা চাই আপং প্ৰস্ততত ব্যস্ত হৈ পৰাৰ সমান্তৰালকৈ আলি আই লিগাঙৰ লগত সংগতি ৰাখি ৰূপালী জয়ন্তী বৰ্ষৰ হিচাপে চিত্ৰাংকন প্ৰতিযোগিতা,জনগোষ্ঠীয় নৃত্য গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে।
কংক্ৰিটৰ নগৰৰ নূন্যতম সা সুবিধাৰ মাজতেই টীয়ক এফ আৰ ইউৰ কাষত থকা মিচিং মৰং ঘৰৰ বাকৰিত সকলো যোগাৰ কৰাৰ লগতে ঐনিতমৰ সুৰত গোমৰাগ নৃত্যৰ অনুশীলনত ব্যস্ত হৈ পৰিছে আৰু দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা এই অনুষ্ঠানত সকলো ৰাইজৰে সহযোগিতা কামনা কৰিছে টীয়ক নগৰ মিচিং কৃষ্টি সমিতিয়ে।
লগতে পঢ়ক:Udalguri News: ওদালগুৰিত BJPদলত যোগদান শতাধিক BPF আৰু GSPকৰ্মীৰ