Local, Vocal, Global

যোৰহাটত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক

নিউজ ডেস্ক, ৮ এপ্ৰিল : মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নী আৰু আৰক্ষীৰ অভিযানৰ পাছতো ৰাজ্যত বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা । যোৰহাটত পুনৰ ড্ৰাগছ মাফিয়াক আটক কৰে আৰক্ষীয়ে । গোপনৰ ভিত্তিত অভিযান চলাই পুলিবৰ আৰক্ষীয়ে ।

মালৌআলি চোলাধৰা সংযোগী পথত পুলিবৰ থানাৰ আৰক্ষীয়ে গোপনৰ পমখেদি অভিযান চলাই আটক কৰে ড্ৰাগছ পেডলাৰক ।

যোৰহাটত পুনৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক

উল্লেখনীয় যে, যোৰহাট ৰজামৈদাম নিউ কলনিৰ ৰিয়াচুদ্দিন দেৱান নামৰ ২৬ বছৰীয়া যুৱকক আটক কৰিবলৈ সক্ষম হয় পুলিবৰ আৰক্ষীয়ে । প্ৰায় ৭.৫৫ গ্ৰাম ড্ৰাগছ আৰু AS03 AF 7205 নম্বৰৰ এখন স্কুটি জব্দ কৰে যুৱকজনৰ পৰা ।

আনহাতে, যুৱক জনৰ স্কুটিখনৰ পৰা বুজন সংখ্যক খালী টেমাও জব্দ কৰে আৰক্ষীয়ে । অনৈতিক কামৰ বিৰুদ্ধে পুলিবৰ আৰক্ষীৰ এই অভিযানক সচেতন ৰাইজে শলাগ লৈছে ।