Local, Vocal, Global

গৌৰিপুৰত নিচা জাতীয় সামগ্ৰী সৰবৰাহকাৰী আটক…

ৰাজ্যৰ ভিন্ন প্ৰান্ত নিষিদ্ধ নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে।গৌৰিপুৰত আৰক্ষীয়ে চলাই আছে নিচা জাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান ।আগমনি আৰক্ষীয়ে নিচা জাতীয় সামগ্ৰী সহ আটক কৰে এজন যুৱকক।

জানিব পৰা মতে আটক কৰা যুৱকজনৰ নাম ইউচুফ আলী৷ ধৃত যুৱক জনৰ ঘৰ ধুবুৰী চহৰৰ ৯ নম্বৰ ৱৰ্ড বুলি জানিৱ পৰা গৈছে৷যুৱক জনে ৰস্কফ নামৰ ৪২টা কফ ছিৰাপ আৰু ৫৭০টা নিচা জাতীয় টেবলেটল ধুবুৰী অভিমুখে আহি থকা গাড়ীত উঠাৰ সময়তে স্থানীয় ৰাইজে আটক কৰে৷ পিছত আগমণি আৰক্ষীক অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক গ্ৰেপ্তাৰ কৰে৷

জানিব পৰা মতে পশ্চিমবংগৰ পৰা দ্ৰৱ্য খিনি অনা যুৱক জনে দীৰ্ঘদিনৰ পৰা নিচা জাতীয় দ্ৰৱ্যৰ অবৈধ ব্যৱসায় কৰি আহিছে৷আগমনি আৰক্ষীয়ে যুৱকজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে।