আকৌ আহিছে মন প্ৰাণ উতলা কৰা ফাগুন,মায়াসনা শীতৰ আঁচল আঁতৰাই আহিছে চঞ্চলা ফাগুন…

আকৌ আহিছে মন প্ৰাণ উতলা কৰা ফাগুন।মায়াসনা শীতৰ আচল আঁতৰাই আকৌ আহিছে চঞ্চলা ফাগুন।ৰঙা মদাৰে আনিছে ফাগুনৰ বতৰা ।ফাগুন মানে এক আশাৰ বতৰা।ফাগুন মানেই যেন ধুলিয়ৰি বাট আৰু ৰঙা শিমলু ফুলাৰ বতৰ।এক আশাৰ বতৰা লৈ পুনৰ আহিছে ফাগুন।ঋতুৰ পৰিৱৰ্তনে আশা আৰু প্ৰেমৰ বতৰা আনিছে সকলোৰে হৃদয়লো।উতলা ফাগুনে পলাশ, মদাৰ, শিমলুক ৰঙাবেশত সজায়। ফাগুনৰ এই ৰঙ সৌন্দৰ্যৰ।

আচলতে ফাগুন মানেই ৰং। এফালে প্ৰকৃতিৰ সপোন যেন লগা অতুলনীয় তথা বৈচিত্ৰ্যময় নাচোন আনফালে ৰঙৰ উৎসৱ ফাকুৱা। এই সকলোবোৰ ৰঙৰ সমাহাৰেই ধৰালৈ নামে ফাগুন।

নৱপ্ৰজন্মৰ মাজতো ফাগুনক লৈ বিশেষ চৰ্চা। ছচিয়েল মিডিয়াতো হয় ফাগুনক লৈ বিশেষ চৰ্চা। বহু কেইখন ই আলোচনীত প্ৰকাশ হয় ফাগুনক লৈ বহু কবিতা। সকলোৱে নিজস্বভাৱে ফাগুনক উপভোগ কৰে। সকলোৱে বৰ্ণনা দিবলৈ চেষ্টা কৰে ফাগুনক। কিন্তু মায়াবী ফাগুনক শব্দৰ মায়াজালেৰে ধৰি ৰখাটো যে কঠিন। তথাপিও ফাগুন সকলোৰে প্ৰিয়।বহুতৰে বাবে আকৌ ফাগুন আমনিদায়ক হৈ পৰে।বহুতে ফাগুনক বদনামী বুলি ক’লেও কিন্তু ফাগুন নিজা মাদকতা আছে।তথাপি সকলোৱে যেন ভাল পায় ফাগুনক।

কিছুলোকে কয় যে ফাগুন মানেই ধূলি, ধূলি মানেই শুকান। আৰু এই শুকান ফাগুনে নানে কোনো আশাৰ বতৰা । কিন্তু তথাপিও ফাগুনৰ আছে নিজস্ব স্বভাৱ। ফাগুনৰ সংজ্ঞা কোনোৱে দিব নোৱাৰে।ফাগুনে যাদু জানে,ধূলিয়ৰি বাটতো ৰঙীন সপোন লৈ অনুভৱী মনত ভাৱনাৰ জোৱাৰ তোলে ফাগুনে।
ফাগুনত পলাশ ফুলে, ফুলে মদাৰো। পিছে সুবাস বিহীন বাবেই নেকি নলগায় পূজা কামত অথবা কোনো প্ৰিয়তমাৰ খোপাত এই পলাশ, মদাৰ । সুবাস বিহীন হ’লেও মদাৰ, পলাশে দিয়ে ফাকুৱাৰ আগজাননীৰ। কাৰণ ৰঙৰ মাজতেই সীমাৱদ্ধ আমাৰ জীৱন।

ফাগুনৰ এই মদাৰ ফুলক লৈ সুধাকন্ঠই গাইছিল-সচাকৈয়ে ফাগুন অনন্য। ফাগুন প্ৰকৃতিৰ হে, পিছে এনে লাগে যেন ফাগুন আহে হৃদয়ৰ বাবে। যেন হৃদয়ৰ নিভৃততম কোণৰ পৰা বাধা নামানি ওলাই আহিছে এই ফাগুন । ফাগুনে যদিও মন উৰুঙা কৰে, কাৰোবাৰ মন বেদনাৰে গধুৰ কৰে, ফাগুনৰ উতলা বাঁ লাগি কোনোবা চঞ্চল হয় তথাপি ফাগুনৰ বুকুতে লুকাই থাকে নতুন জীৱনৰ বতৰা, বহাগৰ বতৰা, বসন্তৰ আগমনৰ বতৰা৷

ফাগুনৰ সৰাপাতে কঢ়িয়াই আনে কুঁহিপাত ফুলাৰ বতৰা সৈয়ে ফাগুনৰ আছে এক সুকীয়া বৈশিষ্ট্য ,এক সুকীয়া মাদকতা