Local, Vocal, Global

চিকেন বিৰিয়ানিত উলাল শামুক

নিউজ ডেক্স,৮ জুলাই : আপুনিও চিকেন বিৰিয়ানী খায় ভাল পায় নেকি ? কিন্তু এতিয়া চিকেন বিৰিয়ানী খাওঁতে হওঁক সাৱধান ।

এইবাৰ চিকেন বিৰিয়ানিত চিকেনৰ ঠাইত উলাল শামুক। বিশ্বনাথত সংঘটিত হৈছে এই আজৱ ঘটনা।

বৃহস্পতিবাৰে বিশ্বনাথ চাৰিআলিৰ বলীন শৰ্মা নামৰ ব্যক্তি জনে দিল্লী মছহুৰ চিকেন বিৰিয়ানী নামৰ দোকান খনৰ পৰা দুই প্লেট বিৰিয়ানী পেকিং কৰি ঘৰলৈ লৈ গৈছিল। কিন্তু বিৰিয়ানী দেখি হতবাক হ’ল বিৰিয়ানি ক্ৰয় কৰা লোকজন। চিকেন বিৰিয়ানিত চিকেনৰ ঠাইত উলাল গৈ শামুক ।

বিৰিয়ানী দোকান খনৰ ৰন্ধা স্থান দেখিলে আচৰিত হ’ব আপুনিও কাৰণ এক কদৰ্যতাৰ মাজত আছে দোকান খনৰ ৰন্ধন কোঠাটো।

এই ঘটনাৰ পাছত এতিয়া চিন্তিত বিশ্বনাথ চাৰিআলিৰ লোকসকল। একাংশ লোকে ক্ষোভিত হৈ পৰিছে দোকান খনৰ মালিকৰ ওপৰত ।

উল্লেখ্য যে, বিশ্বনাথ চাৰিআলিত থকা মছহুৰ চিকেন বিৰিয়ানী নামৰ দোকান খন মুৰাদাবাদৰ ব্যৱসায়ী এজনে চলাই আছে ।