Local, Vocal, Global

দেশৰ প্ৰথমগৰাকী আদিবাসী মহিলা হিচাপে শপত গ্ৰহণ কৰিলে দ্ৰৌপদী

নিউজ ডেক্স,২৫ জুলাই : দেশৰ প্ৰথমগৰাকী আদিবাসী মহিলা হিচাপে শপত গ্ৰহণ কৰিলে দ্ৰৌপদী মুৰ্মূৰ। আজি পুৱা ১০.১৪ বজাত সংসদ ভৱনৰ কেন্দ্ৰীয় কক্ষত দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই দ্ৰৌপদী মুৰ্মুক পাঠ কৰোৱায় শপত বাক্য ।

পূৰ্বৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, উপ–ৰাষ্ট্ৰপতি , ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকায়া নাইডু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্য, ৰাজ্যপাল, মুখ্যমন্ত্ৰী, সংসদৰ সদস্য আৰু চৰকাৰৰ মুখ্য বিষয়া আৰু সেনা বিষয়াসকলে এই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।

উল্লেখযোগ্য যে , প্ৰতিভা পাটিলৰ পিছত দেশৰ সৰ্বোচ্চ সাংবিধানিক পদত উপনীত হোৱা দ্বিতীয় গৰাকী মহিলা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূ । তেওঁ উৰিষ্যাৰ প্ৰথম ব্যক্তি যিয়ে এই পদত অধিষ্ঠিত আৰু দেশৰ কনিষ্ঠতম ৰাষ্ট্ৰপতি আৰু ভাৰতৰ স্বাধীনতাৰ পিছত জন্ম গ্ৰহণ কৰা প্ৰথম মহিলা ৰাষ্ট্ৰপতি।

ৰাষ্ট্ৰপতি ত্বৰান্বিত হোৱাৰ আগতে তেওঁ ২০১৫ ৰ পৰা ২০২১ চনৰ ভিতৰত ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল, আৰু ২০০০ চনৰ পৰা ২০০৪ চনৰ ভিতৰত উৰিষ্যা চৰকাৰৰ মন্ত্ৰীসভাত বিভিন্ন দপ্তৰৰ দায়িত্ব পালন কৰিছিল।

২০২২ চনৰ জুন মাহত বিজেপিয়ে মুৰ্মুক ২০২২ চনৰ নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ NDA ৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে মনোনীত কৰিছিল।

ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে তেওঁ ১৯৭৯ চনৰ পৰা ১৯৮৩ চনলৈ ৰাজ্যিক জলসিঞ্চন আৰু শক্তি বিভাগতকনিষ্ঠ সহায়ক হিচাপে আৰু তাৰ পিছত ১৯৯৭ চনলৈকে ৰায়ৰংপুৰৰ শ্ৰী অৰবিন্দ ইণ্টিগ্ৰেল শিক্ষা কেন্দ্ৰত শিক্ষক হিচাপে কাম কৰিছিল।

উল্লেখযোগ্য যে, NDAৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱা দ্ৰৌপদী মুৰ্মুয়ে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণৰ প্ৰাকমুহূৰ্তত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। দেশৰ মুৰব্বী হিচাপে শপত গ্ৰহণৰ দিনা দ্ৰৌপদী মুৰ্মুৱে পিন্ধিছিল তেৰঙ্গা শাৰী।