Local, Vocal, Global

অৰুণাচল প্ৰদেশত সন্ধানহীন হৈ থকা অসমৰ আৰু দুজন শ্ৰমিক উদ্ধাৰ

নিউজ ডেস্ক, ২৫ জুলাই : ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু স্থানীয় উদ্ধাৰকাৰী দলে চলোৱা যুটীয়া অভিযানত অৰুণাচল প্ৰদেশত সন্ধানহীন হৈ থকা অসমৰ আৰু দুজন শ্ৰমিকক কুৰুং কুমে জিলাৰ হুৰি গাঁৱৰ জংঘলৰ পৰা সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে।

উদ্ধাৰ কৰা শ্ৰমিকসকলক খোলেবুদ্দিন ছিয়েখ (২৭) আৰু শ্বামিদুল শ্বেখ (১৯) বুলি চিনাক্ত কৰা হৈছে। দুয়োজন শ্ৰমিকক প্ৰথমে হুৰিৰ শিবিৰলৈ অনা হৈছিল আৰু তাৰ পিছত অধিক চিকিৎসাৰ বাবে দামিনৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ স্থানান্তৰিত কৰা হৈছিল।

দুয়োজনৰ অৱস্থা গুৰুতৰ হোৱাৰ বাবে তেওঁলোকক নাহৰলাগুন বা কলোৰিয়াং জিলা চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ সম্ভাৱনা আছে।
বাতৰি অনুসৰি, বেয়া বতৰৰ বাবে সোমবাৰে ভাৰতীয় বায়ু সেনাৰ (IAF) হেলিকপ্টাৰৰ দ্বাৰা অনুসন্ধান অভিযান আৰম্ভ কৰিব পৰা নগ’ল। বতৰ সলনি হ’লে কাইলৈ উদ্ধাৰ অভিযান পুনৰ আৰম্ভ হ’ব।

ইয়াৰ আগতে উদ্ধাৰ কৰা তিনিজন শ্ৰমিকক পৰৱৰ্তী চিকিৎসাৰ বাবে হুৰিৰ পৰা কলোৰিয়াং জিলা চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল। কুৰুং কুমেৰ DC, SP আৰু DMO’য়ে জিলা চিকিৎসালয় পৰিদৰ্শন কৰে আৰু ভৰ্তি শ্ৰমিক তিনিজনৰ সৈতে বাৰ্তালাপ কৰে।

উল্লেখ্য যে, ৫ জুলাইৰ পৰা অৰুণাচল প্ৰদেশৰ প্ৰকল্পস্থলীৰ পৰা প্ৰায় ১৯ জন লোক সন্ধানহীন হৈ আছে।