Local, Vocal, Global

আজি অসমত আহি উপস্থিত হব দ্ৰৌপদী মুৰ্মু

নিউজ ডেক্স,৫ জুলাই : আজি অসমলৈ আহিব আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে NDAৰ প্ৰাৰ্থী Droupadi Murmu । আজি নিশা প্ৰায় ৮.৩০ বজাত গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয়া গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হ’ব মুৰ্মু।

NDAৰ প্ৰাৰ্থীগৰাকীক বিমান বন্দৰত উষ্ম আদৰণি জনাব ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই।

তেওঁৰ অসম ভ্ৰমণ এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও ৭ দিনৰ বাবে অসম ভ্ৰমণত আহিছিল নেত্ৰী গৰাকী।

উল্লেখযোগ্য যে ২০০৬ চনত বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ প্ৰচাৰ চলাবলৈ বিশ্বনাথলৈ আহিছিল দ্ৰৌপদী মুৰ্মু ৷ বিশ্বনাথত থাকি নিৰ্বাচনী প্ৰচাৰ চলাইছিল মুৰ্মু ৷

দ্ৰৌপদী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু তেওঁ ঝাৰখণ্ডৰ নৱম ৰাজ্যপাল আছিল। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্য। ২০০০ চনত গঠন হোৱাৰ পিছত তেওঁ ঝাৰখণ্ডৰ প্ৰথম গৰাকী ৰাজ্যপাল যিয়ে পাঁচ বছৰীয়া কাৰ্যকাল (২০১৫-২০২১) সম্পূৰ্ণ কৰে।

জুলাই মাহৰ ১৮ তাৰিখ সোমবাৰে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হব। যি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে দ্ৰৌপদি মুৰ্মু সেয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰচাৰৰ বাবে অসমলৈ আহিব নেত্ৰীগৰাকী।

ৰাষ্ট্ৰপতি নিৰ্বাচন ১৮ জুলাইত অনুষ্ঠিত হ’ব আৰু প্ৰয়োজন হ’লে ভোটগণনা ২১ জুলাইত অনুষ্ঠিত হ’ব। নতুন ৰাষ্ট্ৰপতিয়ে ২৫ জুলাইৰ ভিতৰত শপত গ্ৰহণ কৰিব লাগিব কিয়নো ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল ২৪ জুলাইত শেষ হ’ব।