পুনৰ ভূপেন বৰাক কটাক্ষ দিগন্ত কলিতাৰ

নিউজ ডেক্স,৫ জুলাই : অসম চৰকাৰে ঋণ লোৱা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই।
ভূপেন বৰাক কটাক্ষ কৰি বিজেপি বিধায়কগৰাকীয়ে মন্তব্য কৰে ‘‘ঋণ কাক দিয়ে, যিয়ে পৰিশোধ কৰিব পাৰে। আমাৰ GDP চাই লওক, ঋণ পৰিশোধৰ ক্ষমতা আছে। ঋণ পৰিশোধৰ সময় আমাৰ কেতিয়াও হীন-দেৰি হোৱা নাই। মুখ্যমন্ত্ৰীয়ে সময়মতে ঋণ পৰিশোধ কৰি আছে।’’
মুখ্যমন্ত্ৰীয়ে এবুকু-একঁকাল পানীত বানপীড়িত খবৰ লৈছিল, তেনে সময়ত ভূপেন বৰা ক’ত আছিল বুলি মন্তব্য দিগন্ত কলিতাৰ অসমৰ বানপানীৰ সময়ত ভূপেন বৰা দিল্লীত গান্ধী পৰিয়াল বচাও অভিযানত জড়িত হৈ আছিল বুলি ভূপেন বৰাক কটাক্ষ দিগন্ত কলিতাৰ।
কংগ্ৰেছ-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলিও মন্তব্য কৰে কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই।