Local, Vocal, Global

দ্ৰৌপাদি মুৰ্মুক সাক্ষাৎ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

নিউজ ডেস্ক, ৩০ জুলাই : ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী Rajnath Singhএ শনিবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি Droupadi Murmuক সাক্ষাৎ কৰে।

ৰাজনাথ সিঙে টুইটাৰযোগে লিখিছে, “আজি ৰাষ্ট্ৰপতি ভৱনত ভাৰতৰ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুজীক সাক্ষাৎ।”

ৰাষ্ট্ৰপতি হৈছে সশস্ত্ৰ বাহিনীৰ সৰ্বোচ্চ সেনাপতি।

উল্লেখ্য যে, দ্ৰৌপাদি মুৰ্মুয়ে ২৫ জুলাইত ভাৰতৰ ১৫ তম ৰাষ্ট্ৰপতি হিচাপে সংসদৰ কেন্দ্ৰীয় হলত অনুষ্ঠিত কাৰ্যভাৰ গ্ৰহণৰ অনুষ্ঠানত শপত গ্ৰহণ কৰিছিল।