Local, Vocal, Global

যোৱা ২৪ ঘণ্টাত অসমত ৬৭০ টা নতুন ক’ভিড-১৯ৰ ঘটনা

নিউজ ডেস্ক, ৩০ জুলাই : যোৱা ২৪ ঘণ্টাত অসমত ৬৭০ টা নতুন ক’ভিড-১৯ (COVID-19) ঘটনা সংঘটিত হৈছে।

শুকুৰবাৰে ৰাজ্যিক ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনে (NHM) প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজ্যখনত সক্ৰিয় ঘটনা ৫,৬২১ লৈ বৃদ্ধি হয়। আনহাতে ইতিবাচকতাৰ হাৰ আছিল ৭.৩৫ শতাংশ।

ৰাজ্যৰ NHM.-ৰ দ্বাৰা প্ৰকাশিত তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত ৬৬২ জন ৰোগীয়ে চিকিৎসালয়ৰ পৰা আৰোগ্য আৰু অব্যাহতি লাভ কৰিছে। আনহাতে, কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই।

যোৱা ২৪ ঘণ্টাত কৰা ৯,১১২ টা পৰীক্ষাৰ ভিতৰত আজি নতুনকৈ ডিব্ৰুগড় (৬৩), কাছাৰ (৪৪), লখিমপুৰ (৪৫), শোণিতপুৰ (৪৪) আৰু গোৱালপাৰা (৩৬)ৰ পৰা কোভিড-১৯ ঘটনা ধৰা পৰিছিল।

অসমৰ সম্প্ৰতি ৭,৩৮,৪২৬ টা COVID-19ৰ ঘটনা ধৰা পৰিছে। আনহাতে, মুঠ পুনৰুদ্ধাৰ সংখ্যাই ৭,২৪,৭৯০ স্পৰ্শ কৰিছে।

উল্লেখ্য যে, পুনৰুদ্ধাৰৰ হাৰ আছিল ৯৮.১৫ শতাংশ।