Local, Vocal, Global

আমাক মানসিক হাৰাশাস্তি নিদিব, আমি ৰাজহুৱা জীৱন ত্যাগ কৰিম

ডিজিটেল ডেস্কঃ আত্মসন্মান লাঘৱ হোৱাৰ ভয়ত এটা পৰিয়ালে নীৰৱে চুকলো টুকিব লগা হৈছে৷ পৰিয়ালটোক জনমানসত হেয় প্ৰতিপন্ন কৰি সামাজিকভাৱে নিঃশেষ কৰিব খোজাৰ অভিযোগ উত্থাপন হৈছে৷ সদ্যঘোষিত APSCৰ ফলাফলত ৯৩ সংখ্যক স্থানপ্ৰাপ্ত নগাঁৱৰ চয়নিকা হাজৰিকাৰ পৰিয়ালক মানসিকভাৱে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে পিতৃয়ে৷ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াই কন্যা চয়নিকা হাজৰিকাই APSCত উত্তীৰ্ণ হোৱাৰ অভিযোগ আনি দুটাকৈ সংগঠনে হাৰাশাস্তি কৰাৰ অভিযোগ আনে অসহায় পিতৃয়ে৷ ইতিমধ্যে এই সন্দৰ্ভত দুটা সংগঠনে সংবাদমেল আয়োজন কৰি গুৰুতৰ অভিযোগ আনিছে৷ সংবাদমেলৰ প্ৰত্যুত্তৰত নগাঁৱৰ চয়নিকা হাজৰিকাৰ পিতৃয়ে সংবাদমেল পাতি দুই সংগঠনক প্ৰত্যুত্তৰ দি স্পষ্টিকৰণ দিয়ে৷ এচিএছত স্থানপ্ৰাপ্ত নগাঁৱৰ চয়নিকা হাজৰিকাৰ পিতৃয়ে স্পষ্ট কৰি কয় যে আমাৰ EWS চাৰ্টিফিকেট খন ভুৱা নহয়। চয়নিকা হাজৰিকাৰ পিতৃ গজেন হাজৰিকাই মঙলবাৰে নিজা বাসগৃহত সংবাদমেল সম্বোধন কৰি অভিযোগক সমস্ত অভিযোগ ভুৱা বুলি কয়৷ অভিযোগ অনা সংগঠন দুটাক প্ৰত্যাহ্বান জনোৱাৰ লগতে EWS চাৰ্টিফিকেট ভুৱা বুলি প্ৰমাণিত হ’লে ৰাজহুৱা জীৱন ত্যাগ কৰিব বুলি কয়৷ দুই সংগঠনে মানসিকভাৱে হাৰাশাস্তিৰ অভিযোগ আনে পিতৃ গজেন হাজৰিকাই৷ চয়নিকা হাজৰিকাৰ পিতৃ গজেন হাজৰিকাই সকলো অভিযোগ নস্যাৎ কৰাৰ লগতে প্ৰকাশ কৰে যে সংগঠনটোৱে কৰা অভিযোগ অসত্য। চয়নিকাৰ মাতৃ নগাঁও এখন চৰকাৰী উচ্চতৰ মাধ্যমিকৰ শিক্ষয়িত্ৰী৷ ২০২০ চনৰ ৮ নৱেম্বৰত EWS খন উলিয়াইছিলো৷ তেতিয়া মাতৃৰ বছেৰেকীয়া মুঠ আয় ৮ লাখ টকাৰ তলত আছিল। চৰকাৰীভাৱে সকলো তথ্য চালি জাৰি চাই EWSৰ প্ৰমাণপত্ৰ দিছিল৷ যি সঠিক চাই চয়নিকাকে ধৰি আন কেইবাজনকো চৰকাৰী নিয়োগপত্ৰ দিয়া হৈছে৷ এতিয়া প্ৰশ্ন হয়, একাংশ সংগঠনে তথ্য নজনাকৈ পৰিয়ালটোক মানসিকভাৱে হত্যা কৰিব খুজিছে নে কি? EWS চাৰ্টিফিকেটখনক ঢাল হিচাপে লৈ পৰিয়ালটোৰ পৰা কোনোৱে অন্য অংক কৰিছে নেকি৷ সেয়া সময়তহে স্পষ্ট হ’ব৷