হিন্দুত্ববাদক প্ৰত্যাহ্বান, হিমন্ত বিশ্ব শৰ্মাক শলঠৈকত পেলাবলৈ অসমত কংগ্ৰেছৰ ভাৰত জোড়ো
ডিজিটেল ডেস্কঃ ১ নৱেম্বৰত অসমৰ পশ্চিম সীমান্তৰ গোলকগঞ্জত ভাৰত জোড়ো যাত্ৰাৰ আৰম্ভণি কৰি অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ সন্মুখত সৃষ্টি কৰিছে তীব্ৰ প্ৰত্যাহ্বান৷ যি সময়ত সংখ্যালঘূ অধ্যূষিত অঞ্চলত বিজেপিয়ে মুছলমানৰ ভীতি সঞ্চাৰ কৰি অব্যাহত ৰাখিছে সংকীৰ্ণ ৰাজনীতি ঠিক সেই সময়তে সাম্প্ৰদায়িকতা আৰু ধৰ্মান্ধতাৰ বিৰুদ্ধে জন সজাগতা আৰম্ভ কৰিছে কংগ্ৰেছ দলে৷ উল্লে?খ যোগ্য যে, যোৱা ৭ ছেপ্তেম্বৰত ভাৰত জোড়ো যাত্ৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল দক্ষিণ ভাৰতৰ কন্যাকুমাৰীত৷ কংগ্ৰেছৰ অন্যতম শীৰ্ষ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা এই ভাৰত জোড়ো যাত্ৰা ক্ৰমাৎ গণ আন্দোলনৰ ৰূপ ল’বলৈ আগবাঢ়িছে৷ কংগ্ৰেছত কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ স্বত্বস্ফূৰ্তভাৱে ওলাই আহিছে দেশৰ কোটি কোটি বঞ্চিত. শোষিত আৰু নিষ্পেষিত জনতা৷ হিন্দুত্ববাদৰ নামত বিজেপিয়ে সমগ্ৰ দেশত সৃষ্টি কৰিব লাগিছে সামাজিক অস্থিৰতা আৰু অৰাজক পৰিবেশ৷ ঠিক সেই সময়তে কংগ্ৰেছৰ এই কাৰ্যসূচীয়ে উদঙাব লাগিছে প্ৰধামন্ত্ৰীৰ নৰেন্দ্ৰ মোদীৰ মিথ্যাচাৰ আৰু ভাষণ সৰ্বস্ব প্ৰতাৰণাৰ ৰাজনীতি৷ কিন্তু এই ৰাজনীতি অতি ব্যাপক হৈ উঠিছে৷ সেই কাৰণে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যিক পৰ্যায়ত অসমতো আৰম্ভ হ’ল ভাৰত জোড়ো যাত্ৰা৷ কিয়নো অসমতো হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলিব লাগিছে হিংসা আৰু ঘৃণাৰ ৰাজনীতি৷ এনেদৰে বিজেপিয়ে ঢাকি ৰাখিছে ব্যৰ্থতা৷ কিন্তু কি সেই ব্যৰ্থতা৷
অসমত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছতে সৃষ্টি হয় ৰাজনৈতিক নৈৰাজ্যবাদ৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভুৱা প্ৰতিশ্ৰুতি আৰু প্ৰচাৰ সৰ্বস্ব প্ৰশাসনীয় ব্যৱস্থাই বিভ্ৰান্ত কৰিছে জনতাক৷ তথাকথিত সংস্কাৰকামী মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হৈছে চৰকাৰী ভূমি দখলৰ অভিযোগ৷ গুৱাহাটীত মেট্ৰ ৰেলৰ প্ৰচলন হ’ব বুলি বিজেপিয়ে কৰা ভুৱা প্ৰচাৰো হয়তো জনতাই পাহৰিছে৷ এডাভাণ্টেজ আসাম শীৰ্ষক বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি অপচয় কৰা হৈছিল চৰকাৰী ৰাজহ৷ হেজাৰ কোটি টকাৰ বৈদেশিক বিনিয়োগ হ’ব বুলিও আশ্বাস দিয়া হৈছিল৷ কিন্তু সকলো ফুটুকাৰ ফেন৷ কোনো অজ্ঞাত কাৰণত বিজেপি চৰকাৰৰ ব্যৰ্থতা ভ্ৰষ্টাচাৰ আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বহু তথ্য অদ্যপী ফাদিল হোৱা নাই৷ ধুবুৰীৰ পৰা শদিয়ালৈ জনতাৰ মাজেৰে কংগ্ৰেছে যি পদযাত্ৰা আৰম্ভ কৰিছে সেই কাৰ্যসূচীত বিজেপি চৰকাৰৰ সমস্ত কূ-কৰ্ম কাণ্ড জনতাৰ ওচৰত ফাদিল কৰিব কংগ্ৰেছ নেতৃত্বই৷ এই তথ্য প্ৰকা কৰিছে প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ মণজিৎ মহন্তই৷ একে সময়তে এই পদযাত্ৰাৰ অন্য কিছু তথ্যও জানিব পৰা হৈছে৷ কি সেই তথ্য৷
১ নৱেম্বৰত আৰম্ভ হোৱা কংগ্ৰেছৰ পদযাত্ৰাই সামৰি ল’ব ১৩ খন জিলা৷ এই যাত্ৰাৰ মুঠ দৈৰ্ঘ্য ৮৩৫ কিলোমিটাৰ৷ ৭০ দিনত কংগ্ৰেছে সমাপ্ত কৰিব
সুদীৰ্ঘ যাত্ৰা৷ আৰু জনতাৰ মাজত ডাঙি ধৰিব বিজেপি চৰাকৰৰ তথাকথিত হিন্দুত্ববাদৰ ফোপোলা স্বৰূপ৷ দলীয় সূত্ৰই জনোৱা অনুসৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভূমি কেলেংকাৰী, ক’ভিড মহামাৰীৰ সময়ত সংঘটিত হোৱা পিপিইকিট কেলেংকাৰী, লুইচ বাৰ্জাৰ কেলেংকাৰী আদিৰ তথ্য কংগ্ৰেছ নেতৃত্বই জনতাৰ সন্মুখত তথ্যসহ ফাদিল কৰিব৷ ধুবুৰীত কংগ্ৰেছৰ পদযাত্ৰাৰ আৰম্ভণি অনুষ্ঠানতে তাৰ আভাস দাঙি ধৰিছে কংগ্ৰেছ নেতৃত্বই৷
বিজেপি চৰকাৰৰ সমস্ত কু-কৰ্মকাণ্ড জনতাৰ ওচৰত তথ্যসহ ডাঙি ধৰিবলৈ অসমত বিশেষভাৱে আয়োজন কৰা হৈছে কংগ্ৰেছৰ এই পদযাত্ৰা৷ উল্লখযোগ্য যে বিজেপি চৰকাৰৰ দিনত সংঘটিত বহু দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ তথ্য সংবাদ মাধ্যমতো সঠিকভাৱে প্ৰকাশিত হোৱা নাই৷ এই অভিযোগ প্ৰদেশ কংগ্ৰেছৰ সবাপতি ভূপনে কুমাৰ বৰাই ৰাজহুৱাভাৱে উত্থাপন কৰিছে বহুবাৰ৷ আৰু সেই বাবে প্ৰকৃতাৰ্থত বিজেপি চৰকাৰৰ কু-কাণ্ড ফাদিল কৰিবলৈ গ্ৰহণ কৰিছে পদযাত্ৰাৰ দৰে প্ৰত্যাহ্বানপূৰ্ণ কাৰ্যসূচী৷ এই কাৰ্যসূচীলৈ দলীয় নেতা-কৰ্মী আৰু সমৰ্থকৰ লগতে সাধাৰণ জনতাৰ অংশগ্ৰহণো লক্ষ্যণীয় হৈ উঠিছে৷
একে সময়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠিত হোৱা বিজেপি চৰকাৰ ওফৰাবলৈও জনতাৰ সহযোগত প্ৰস্তুতি চলাব লাগিছে প্ৰদেশ কংগ্ৰেছে৷ এই ক্ষেত্ৰত নিখিল ভাৰত কংগ্ৰএছ কমিটিৰ নৱ-নিৰ্বাচিত সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে অসম প্ৰদেশ কংগ্ৰেছে কমিটিলৈ বিশেষ বাৰ্তা প্ৰেৰণ কৰা বুলি জানিব পাৰ গৈছে৷ আৰু সেয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ছোৱাত অসমৰ ৩ কোটি জনতাক বিজেপিৰ সাম্প্ৰদায়িক আৰু বিভেদকামা নীতিৰ বিৰুদ্ধে সৰৱ কৰি তুলিবলৈ চূড়ান্ত কৰিছে ৰণনীতি৷ খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ ঘনিষ্ঠ এক সূত্ৰই জনাইছে এই তথ্য৷
পৰিকল্পনা অনুসৰি আগন্তুক ভোগালী বিহুৰ পূৰ্বে অসমত বিজেপি চৰকাৰৰ পতন ঘটাবলৈ প্ৰদেশ কংগ্ৰেছে হয়তো আজিৰে পৰা আৰম্ভ কৰিব বিকল্প ৰাজনৈতিক অভিযান৷ আৰু সেই বাবেই অহা ১০ জানুৱাৰীত ভাৰত জোড়ো যাত্ৰা সমাপ্ত হোৱাৰ লগে লগে অসমৰ ৰাজনীতিত পট পৰিৱৰ্তন ঘটাটোও প্ৰায় নিশ্চিত হৈছে৷ অন্যৰ্থত বিকল্প চৰকাৰ অবিহনে ৰাজ্যত ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তনৰ দাবীও সজোৰে উত্থাপন কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই চূড়ান্ত কৰি তুলিছে ৰাজনৈতিক পৰিকল্পনা৷