৫৫ বছৰীয়া ৰফিকা ৰন্ধা ছাগলীৰ মাংস খায়েই প্ৰেমত পৰিল ২২ বছৰীয়া আলিয়া, দুয়োৰে এতিয়া সুখী সংসাৰ…
ডিজিটেল ডেস্কঃ এই পৃথিৱীত সকলো সম্ভৱ। সম্ভৱ ছাগলীৰ মাংস খাই কাৰোবাৰ প্ৰেমত হাবুডুবু খোৱাটোও। শেহতীয়াকৈ সমাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে পাকিস্তানৰ এহাল দম্পতীৰ প্ৰেম কাহিনী। য’ত ছাগলীৰ মাংসই দুয়োৰে মনত জগাই তুলিছিল ভালপোৱা।
এই প্ৰেম কাহিনী ২২ বছৰীয়া আলিয়া আৰু ৫৫ বছৰীয়া ৰফিকৰ। সুখী দম্পতীহালৰ প্ৰেম কাহিনীয়ে এতিয়া চৰ্চা লাভ কৰিছে সামাজিক মধ্যমত।
উল্লেখ্য যে, প্ৰথমবাৰ বাবে একেখন ৰিক্সাত যাত্ৰা কৰাৰ সময়ত দেখা হৈছিল আলিয়া আৰু ৰফিকৰ। সেই সময়ত দুয়োজনে দুয়োকে চিনি পোৱাই নাছিল।
আনকি প্ৰথম যাত্ৰাৰ সময়তে দুয়োৰে মাজত সৃষ্টি হৈছিল কাজিয়াৰো। কোনো কাৰণত সংঘটিত হোৱা এই কাজিয়াত ৰফিকৰ গালত চৰ পৰ্যন্ত শোধাইছিল আলিয়াই।
কিন্তু পিছত কাকতালীয়ভাৱে আলিয়াৰ ঘৰতে ৰান্ধনীৰ চাকৰি লাভ কৰে ৰফিকে। আৰু আলিয়াৰ ঘৰত প্ৰথম দিনা তেওঁ ৰন্ধা ছাগলীৰ মাংস খায়েই ৫৫ বছৰীয়া ৰফিকৰ প্ৰেমত পৰে ২২ বছৰীয়া আলিয়া।
ইয়াৰ পিছতে বিয়াৰ সিদ্ধান্ত লোৱা আলিয়াৰ মতে ৰফিকতকৈ ভাল খাদ্য আন কোনেও বনাব নোৱাৰে। দুয়োৰে বিবাহক লৈ তেওঁ যথেষ্ট সুখী বুলিও মন্তব্য কৰে আলিয়াই। বৰ্তমান ৰফিকে ঘৰৰ কাম চোৱাচিতা কৰে আৰু আলিয়াই অনলাইন ব্যৱসায় কৰে।