ধুনীয়া সাজ–পোছাক পিন্ধি ষ্টাইল কৰি বিদ্যালয়লৈ আহিলে নহ’ব
নিউজ ডেস্ক, ৯ ছেপ্তেম্বৰ : এইবাৰ শিক্ষক সমাজক চূড়ান্ত অপমান বিজেপি বিধায়ক ৰূপজ্যোতি কূৰ্মীৰ৷ মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কূৰ্মীয়ে বিদ্যালয়ৰ পৰিদৰ্শন কৰি চমক সৃষ্টি কৰিবলৈ গৈ শিক্ষয়িত্ৰীয়ে পিন্ধা পোছাকক লৈ অপমানজনক মন্তব্য দিয়ে। চৰকাৰী বিদ্যালয়ত উপস্থিত হৈ দুৰ্বল ফলাফলৰ বাবে জবাবদিহি কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে৷
মৰিয়নি নগৰৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শুকুৰবাৰে পুৱা কূৰ্মী উপস্থিত হৈ বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক হাইস্কুল শিক্ষান্ত তথা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা আৰু গুণোৎসৱৰ হতাশাজনক ফলাফলৰ বাবে জবাবদিহি কৰে৷
মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ স্মৃতিৰেখা ফুকনক জবাবদিহি কৰি ধমক দিয়ে৷ ইমানে শিক্ষয়িত্ৰীসকলক উদ্দেশ্যে কয় যে ধুনীয়াকৈ সাজ–পোছাক পিন্ধি ষ্টাইল কৰি বিদ্যালয়লৈ আহিলে নহ’ব, ছাত্ৰ–ছাত্ৰীক ভালদৰে পঢ়াওক।
বিধায়ক কূৰ্মীয়ে মৰিয়নিৰ ভাল ফল দেখুওৱা চৰকাৰী বিদ্যালয়ৰ উদাহৰণ দি কয় যে একেই দৰমহা একেই বিদ্যালয়ৰ আন্তঃগাঁথনি। কিন্তু সেইসমূহ স্কুলৰ যদি ফলাফল ভাল হয় তেন্তে আপোনালোকে কিয় ফলাফল উন্নত কৰিব পৰা নাই বুলি শিক্ষকক প্ৰশ্ন উত্থাপন কৰে।
ৰূপজ্যোতি কুৰ্মীয়ে শিক্ষয়িত্ৰীৰ পোছাকক লৈ মন্তব্য কৰাৰ পিছতে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷