Local, Vocal, Global

আইচক্ৰীম খাবলৈ ঘৰৰ পৰা ওলাই অৰুণাচল পালেগৈ প্ৰাৰ্থনা

নিউজ ডেস্ক, ৯ ছেপ্তেম্বৰ : ৰাজ্যত দিনে দিনে বৃদ্ধি পাই আহিছে শিশু অপহৰণৰ দৰে হিংসাত্মক ঘটনাৰ। তাৰ লগে লগে তৎপৰ হৈ উঠিছে আৰক্ষী তথা প্ৰশাসন।

শুকুৰবাৰে বিশ্বনাথ আৰক্ষীয়ে অৰুণাচলৰ নাহৰলগুণৰ পৰা দুটা শিশু অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁলোকৰ কৱলৰ পৰা এটি শিশু উদ্ধাৰ কৰিবলৈও সক্ষম হয়।

ধৃত দুই শিশু অপহৰণকাৰীক আবু টাহেৰ আৰু ললিত কেওট বুলি আৰক্ষীয়ে জানিব দিয়ে।

ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি আইচক্ৰীম দিম বুলি ফুচুলাই নি অৰুণাচলীক ডেৰ লাখ টকাত বিক্ৰি কৰিবলৈ যোজা চলাইছিল প্ৰাৰ্থনা বৰুৱা নামৰ ৬ বছৰীয়া শিশুটিক ৷

উল্লেখ্য যে, ধৃত আবু টাহেৰৰ ঘৰ ৪ নং কুমলীয়াত আৰু ফলফলিৰ চাহিবুৰ ৰহমান নামৰ ব্যক্তিজনৰ ঘৰত ভাৰা থাকি শাক-পাছলিৰ বেপাৰ কৰিছিল ৷ আনহাতে ললিত কেওট ৰ ঘৰ বৰপুথুৰী চাহ বাগিছাৰ বড়ো লাইন ৷

আনহাতে, বেদেতিৰ বৰালিমৰাৰ অৰুপ বৰুৱা নামৰ ব্যক্তিজনৰ জীয়ৰী প্ৰাৰ্থনা। আৰু বিশ্বনাথ চাৰিআলিৰ ফলফলিৰ চাহিদা আখতাৰ আহমেদৰ ঘৰত ভাৰা থাকে অৰুপ বৰুৱা আৰু পৰিয়াল ৷ অৰুপ বৰুৱাৰ ঘৰৰ সমীপতে ভাৰাত আছিল অপহৰণকাৰী আবু টাহেৰ ৷