ক’ৰনাৰ পৰা সুস্থ নোহোৱাকৈয়ে ট্ৰাম্পৰ প্ৰচাৰ
মার্কিন ৰাষ্ট্ৰপিত ড’নাল্ড ট্ৰাম্প ক’ৰনাৰ পৰা মুক্ত হ’লনে নাই সেই সম্পর্কে নিমাত হোৱাইট হাউচ। কিন্তু তাৰমাজতে শনিবাৰে পুনৰ নির্বাচনী প্ৰচাৰত নামি পৰিল ট্ৰাম্প । সমর্থকসকলৰ উদ্দেশি ভাষণ দিয়াৰ পূর্বে মাস্কো খুলি পেলালে ট্ৰাম্পে । হোৱাইট হাউচৰ চাউথ ল’নত গোট খোৱা ৰিপাব্লিক দলৰ সমর্থকসকলৰ সন্মুখত হাঁহি মুখে উপস্থিত হ’ল ট্ৰাম্প । প্ৰথমেই ট্ৰাম্পে ক’লে- বিৰাট ভাল লাগিছে মোৰ৷ অৱশে হোৱাইট হাউচৰ তৰফৰ পৰা মার্কিন ৰাষ্ট্ৰপতিয়ে আধা ঘণ্টা বক্তৃতা দিব বুলি কোৱা হৈছিল যদিও ১৮ মিনিটতে ক্ষান্ত হয় ট্ৰাম্প । ডেম’ক্ৰেট প্ৰার্থী জো বিডেনৰ বিৰুদ্ধে সৰব হৈ উঠা ট্ৰাম্পে ভোটাৰকো ভোট দানৰ বাবে উৎসাহিত কৰাৰ চেষ্টা চলায় । ট্ৰাম্পে কয় সমাগত নির্বাচন দেশৰ ইতিহাসত অতিকে গুৰুত্বপূর্ণ৷ আপোনালোকে ঘৰৰ পৰা ওলাই আহি ভোট দিবই ।
৯ দিন পূর্বে পত্নী মেলানিয়াসহ মার্কিন ৰাষ্ট্ৰপতি আক্ৰান্ত হৈছিল ক’ৰনাত । কিন্তু মাত্ৰ ৩ দিন হাস্পতালত থাকিয়েই হোৱাইট হাউচলৈ উভতি আহিছিল মার্কিন ৰাষ্ট্ৰপতিজন । আমেৰিকাৰ ক’ভিড প্ৰ’টকল মতে ক’ৰনাত আক্ৰান্ত হ’লে সকলো লোকেই ১০ দিন আইছলেচনত থাকিব লাগে। কিন্তু সেই নিয়ম ৰক্ষা নকৰি ট্ৰাম্পে আৰম্ভ কৰিলে নির্বাচনী প্ৰচাৰ । তাকে লৈ সূত্ৰপাত হৈছে বিতর্কৰ৷ অৱশ্যে হোৱাইট হাউচৰ চিকিৎসকৰ মতে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ক’ৰনাৰ উপসর্গ ধৰা পৰাৰ ১০ দিন পাৰ হৈ গৈছে । আৰু এতিয়া তেওঁৰ দেহত কোনো উপসর্গ নাই। সেয়েহে তেওঁ হোৱাইট হাউচৰ বেলকনিৰ পৰা সম্বোধন কৰিলে সমর্থক সকলক।