ডবকা পৌৰসভাত ভয়ংকৰ কেলেংকাৰী

ডবকা পৌৰসভাত ভয়ংকৰ কেলেংকাৰী
অস্তিত্বহীন আঁচনিৰ নামত লুটিলে লাখ লাখ টকা
আৰ টি আই তথ্যত পোহৰলৈ আহিল ভয়ংকৰ অনিয়মৰ তথ্য
ডবকা পৌৰসভাত সংঘটিত হৈছে ভয়ংকৰ কেলেংকাৰী ৷ এটা অস্তিত্বহীন নলাৰ নামত ডবকা পৌৰসভাই লুটিলে তিনি লাখ টকা ৷ তথ্য জনাৰ অধিকাৰ আইনে উদঙালে এই ভয়ংকৰ লুণ্ঠনৰ কথা ৷ ডবকা পৌৰসভাই ২০০৭-‘০৮ চনত ডবকা চহৰৰ অন্যতম ব্যস্ত পথ ডবকা তুলসিবাৰী পথত এটা পকী নলা নিৰ্মাণৰ নামত স্বৰ্ণজয়ন্তী নগৰীকৰণ স্বৰোজগাৰ আঁচনিৰ মামত মুঠ তিনি লাখ টকা আবন্টন দিয়া হয় ৷ তাৰে ২ লাখ ২০ হাজাৰ টকা পকী নলা নিৰ্মাণৰ নামত আবন্টন দিয়া হয়