এইবাৰ গৰুৰ চোৰাং ব্যৱসায়ৰ সৈতে নাম সাঙোৰ খালে বিজেপিৰ এজন মন্ত্ৰীৰ
ডবকাত জব্দ এখন অবৈধ চোৰাং গৰু ভৰ্তী ট্ৰাক ৷ চালকে কলে মন্ত্ৰী পৰিমল শুক্লবদ্য হল জব্দকৃত গৰুৰ গৰাকী ৷ উল্লেখ্য ডবকা টোলগেটত গো সূৰক্ষা বাহিনীয়ে জব্দ কৰে এই চোৰাং গৰু ভৰ্তী ট্ৰাকখন ৷ হাৰিয়ানাৰ পৰা আহি আছিল এই ১২ টা গৰু ভৰ্তী ট্ৰাকখন ৷ আজি গো সুৰক্ষা বাহিনীৰ হোজাই জিলা সমিতিয়ে ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা জব্দ কৰে গৰু ভৰ্তী ট্ৰাকখন ৷ HR4502170 নম্বৰৰ গাড়ীখনে ১২ টা গৰু ভৰ্তী কৰি শিলচৰ অভিমূখে গৈ আছিল ৷
ট্ৰাকৰ চালকে জনোৱা মতে অসম চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবদ্য এই গৰুকেইটাৰ গৰাকী ৷ হাৰিয়ানাৰ পৰা আগৰৱালা উপাধিৰ কোনো ব্যৱসায়ীয়ে মন্ত্ৰী শুক্লবদ্যৰ নামত প্ৰেৰণ কৰিছিল গৰুকেইটা ৷
এতিয়া প্ৰশ্ন হয় অসমৰ মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো সূৰক্ষা আইন খন গৃহীত কৰাৰ পাছত তেওৰেই মন্ত্ৰী সভাৰ মন্ত্ৰী পৰিমল শুক্লবদ্যৰ নাম কেনেকৈ অবৈধ বাবে গৰু সৰবৰাহত জড়িত হৈ পৰিল সেয়া ৰহস্যজনক ৷