Local, Vocal, Global

ৰাজ্য চৰকাৰে ঘোষণা কৰিলে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ! Dehing Patkai National Park

ৰাজ্য চৰকাৰে ঘোষণা কৰিলে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ! Dehing Patkai National Park।কাজিৰঙা, ওৰাং, নামেৰি, ডিব্ৰু শৈখোৱা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ পিছত অসমত আৰু দুখন নতুন ৰাষ্ট্ৰীয় উদ্যান ঘোষণা। বিটিআৰৰ ৰাইমনা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰাৰ কথা ঘোষণা কৰিছিল ৰাজ্য চৰকাৰে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতে। বন পৰিবেশ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এইবাৰ দিহিং পাটকাইকৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছে।

 বুধবাৰে সংবাদমেল সম্বোধন কৰি বন মন্ত্ৰীগৰাকীয়ে নতুনকৈ ঘোষণা কৰা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়েও সবিশেষ জনায়। উল্লেখ্য যে, বিগত বৰ্ষৰ ডিচেম্বৰ মাহত ৰাজ্যপালৰ অনুমোদনৰ পাছত বৰ্ষাৰণ্য দিহিং পাটকাই অভয়াৰণ্যই ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰাৰ পিছত আজিৰ দিনটোত আনুষ্ঠানিক ভাবে ঘোষণা কৰা হয়। যোৱা বছৰ মে মাহত অবৈধ কয়লা খননৰ বাবে  দিহিং পাটকাই বিশেষ চৰ্চাৰ মাজলৈ আহিছিল। সামাজিক গণ মাধ্যমত ইয়াৰ বিৰুদ্ধে প্ৰতিবাদৰ জোৱাৰো উঠিছিল। আনকি দেশ-বিদেশতো অভয়াৰণ্যখনক লৈ পৰিৱেশ কৰ্মীসকল সৰৱ হৈ পৰিছিল। ইয়াৰ পিছতে সেইসময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দিহিং পাটকাই অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ বন বিভাগক নিৰ্দেশ দিছিল।

কিহৰ বাবে বিখ্যাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানঃ

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত সোনালী বান্দৰ, বনৰীয়া ম’হ আৰু বাঘ আছে। ১৭০ প্ৰজাতিৰ পখিলা আছেও অভয়াৰণ্য খনত।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত আছে গিৱন, বাঘ, হাতী।