দিহিং পাটকাই অভয়াৰণ্যত নেছার্ছ বেকনৰ বিশ্ব হস্তী দিৱস, ২০২০

পৰিৱেশ সংগঠন নেছার্ছ বেকনৰ উদ্যোগত দিহিংপাটকাই অভয়াৰণ্যৰ জয়পুৰ বনাঞ্চলত বিশ্ব হস্তী দিৱস পালন কৰে। এই কাৰ্যসূচী উপলক্ষে জয়পুৰ বন বিভাগৰ সহযোগত পুৱা দিহিংপাটকাই অভয়াৰণ্যৰ হস্তী বিচৰণ অঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ইয়াৰ পিছতে জয়পুৰ বন বিভাগৰ পৰিদৰ্শন বাংলোত এখন হস্তী সংৰক্ষণ সজাগতা সভা অনুষ্ঠিত কৰা হয়। সভাখনৰ আতঁ ধৰে নেছার্ছ বেকনৰ সমন্বয়ৰক্ষী জয়ন্ত ভূঞাই । সভাত ডিব্ৰুগড় বন সংমণ্ডলৰ বিষয়া প্ৰদীপ্ত বৰুৱা, নেছার্ছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত, জয়পুৰ বনাঞ্চলিক বিষয়া শৰৎ চন্দ্ৰ নেওগ, জয়পুৰৰ প্ৰকৃতিপ্ৰেমী, জ্যেষ্ঠ নাগৰিক বাবুল চক্ৰৱৰ্তী, শিক্ষাবিদ অভিজিত সিংহই হস্তী সংৰক্ষণৰ ওপৰত বক্তব্য দাঙি ধৰে।
সভাত বন বিষয়া প্ৰদীপ্ত বৰুৱাই দিব্যলোচন দাসৰ হস্তীৰ ওপৰত ৰচিত “আস্তে আস্তে আগেত যা” নামৰ গ্ৰন্থ এখন উন্মোচন কৰে। আনহাতে একে সময়তে নেছার্ছ বেকনৰ এলিফেণ্ট প্ৰট্যেকশ্যন গ্ৰুপৰ উদ্যোগত গোৱালপাৰা আৰু নামেৰীতো বিশ্ব হস্তী দিৱস পালন কৰা হয় বুলি জানিবলৈ দিয়ে সঞ্চালক সৌম্যদ্বীপ দত্তই।