Local, Vocal, Global

Digboi Man Missing From Arunachal Pradesh Hotel : অৰুণাচলত ৰহস্যজনক ভাৱে নিৰুদ্দেশ অসমৰ যুৱক

নিউজ ডেস্ক, ১০ ফেব্ৰুৱাৰী : অৰুণাচলত নিৰুদ্দেশ অসমৰ এজন যুৱক । কাম কৰিবলৈ গৈ ৰহস্যজনক ভাৱে নিৰুদ্দেশ অসমৰ যুৱক( Digboi Man Missing From Arunachal Pradesh Hotel) ।

উল্লেখ্য যে, ডিগবৈৰ এজন যুৱকে কামৰ সন্ধানত অৰুণাচললৈ গৈছিল । কিন্তু কাম কৰিবলৈ গৈ ৰহস্যজনক ভাৱে নিৰুদ্দেশ হৈছে যুৱকজন । নিৰুদ্দেশ হোৱা যুৱকজনৰ নাম আনন্দপাৰাৰ দেৱজিৎ দাস বুলি জানিব পৰা গৈছে( Digboi Man Missing From Arunachal Pradesh Hotel; Family Seeks Assistance) ।

জানিব পৰা মতে, যুৱকজন অৰুণাচলৰ ইথানিলত ফেব্ৰুৱাৰীৰ ১তাৰিখৰ পৰা ৩ তাৰিখলৈ অনুষ্ঠিত হোৱা ” ৰে ফেষ্টিভেল ” নামৰ অনুষ্ঠানত চাউণ্ড অপাৰেটৰ হিচাপে কৰ্মসূত্ৰে উপস্থিত হৈছিল। অনুষ্ঠান শেষ কৰি অৰুণাচলৰে এখন হোটেলত সহযোগী সকলৰ সৈতে ৰূম লৈ আছিল। তাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ আছে দেৱজিৎ দাম নামৰ ডিগবৈৰ যুৱকজন(Assam man goes missing from Arunachal Pradesh hotel) ।

পৰিয়ালৰ ভাষ্য মতে, ডিগবৈ গোলাইৰ নিবাসী অমৃত দে নামৰ ব্যক্তি গৰাকীৰ দায়িত্বত গৈছিল দেৱজিৎ দাস। বৰ্তমানলৈকে কোনো খবৰ নোপোৱাত পৰিয়ালৰ লোকে অৰুণাচলৰ ৰ’য়িঙ থানাত দাখিল কৰিছে এজাহাৰ ।

লগতে পঢ়ক : Journalist Nikhil Wagle’s car attacked by BJP workers in Pune: সাংবাদিকৰ বাহনত আক্ৰমণ বিজেপি কৰ্মীৰ;ভাঙি চুৰমাৰ বাহন