Local, Vocal, Global

প্ৰেয়সীৰ নামত আপুনি কিমান খৰচ কৰিছে হিচাপ কৰি পাইছিল নে?

নিউজ ডেস্ক, ১৯ জুন : জীৱনত হয়তো সকলোৱে এবাৰ হ’লেও প্ৰেমত পৰিছে। আৰু সেই প্ৰেম আপোনাৰ জীৱনৰ পৰা আঁতৰি গৈছে।

কিন্তু সম্পৰ্কত থাকোতে প্ৰিয়জনৰ বাবে খৰচ কৰা প্ৰতিটো মূল্য হিচাপ কৰি পাইছিল জানো ? যদি কৰিলে হেতেন তেতিয়া কিমান হ’ল হয় বাৰু ?

বৰ্তমান সময়ত সামাজিক মাধ্যমত জনপ্ৰিয়তা লাভ কৰা চীনৰ এটা ঘটনাৰ বিষয়ে আপুনি জানেনে?

চীনা সংবাদ মাধ্যমৰ এক প্ৰতিবেদন অনুসৰি, চীনৰ ছাংহাইৰ এজন লৰাই এবছৰ ধৰি এজনী ছোৱালীৰ সৈতে ডেটিং কৰি আছিল। যেতিয়া তেওঁলোক দুয়োৰে মাজৰ সম্পৰ্ক ভাঙি যোৱাৰ পথত আছিল, লৰাজনে যি কৰিছিল সেয়া জানিলে হয়তো আপুনিও আচৰিত হব।

তেওঁ ডেটিংৰ সময়ত প্ৰেমিকাৰ বাবে কৰা প্ৰতিটো খৰচৰ হিচাপ সংযোগ কৰি মুঠ ৩ পৃষ্ঠাযোৰা তালিকা প্ৰস্তুত কৰিছিল। তালিকা খনত তেওঁ সম্পৰ্কৰ সময়ত প্ৰমিকাৰ বাবে প্ৰতিদিনে খৰচ কৰা ধনৰ এটা এটা খৰছৰ বিৱৰণ আছিল।

লৰাজনে প্ৰস্তুত কৰা এই বিতং ব্ৰেক-আপ তালিকা সম্প্ৰতি চীনৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে। কিছুমান লোকে তেওঁৰ কাৰ্য্যক সঠিক বুলি বিশ্বাস নকৰিলেও, বহুলোকে তেওঁৰ স্মৃতিক যথেষ্ট প্ৰশংসা কৰিছে।

ব্যক্তিজনে কৰা তালিকাত, সৰু সৰু খৰচবোৰো লিখা হৈছে। ইয়াত ২ টা পানীৰ বটল আৰু জলপানৰ খৰচও অন্তৰ্ভুক্ত আছে। ছোৱালীজনীয়ে অকলে খোৱা জলপানবোৰো লিখা হৈছে। ৰাতিৰ আহাৰ আৰু দুপৰীয়াৰ আহাৰৰ খৰচ আধা কৰা হৈছে। ছোৱালীজনীৰ মাক অসুস্থ হোৱা সময়ত চিকিৎসালয়ত ভৰ্তি হোৱাৰ খৰচ আৰু মাকৰ মৃত্যুৰ পিছত অন্ত্যেষ্টিক্ৰিয়াত সহায় হিচাপে পৰিশোধ কৰা খৰচবোৰো তালিকাত আছে। সমগ্ৰ পৰিমাণটো হৈছে ৬০,১৪৭,০২৫ ইউয়ান অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৭ লাখ টকা।

আপুনি জানি আচৰিত হ’ব যে, তালিকাখনত পানী আৰু চিপছৰ মূল্যও লিখা হৈছে।

যদিও ছোৱালীজনীয়ে তেওঁক এই টকা ঘূৰাই দিছিল নে নাই সেইবিষয়ে জনা নাযায়, কিন্তু তেওঁৰ কাহিনী বিখ্যাত হৈ পৰিছে।

এতিয় ভাবি চাওঁকচোন আপুনিও যদি হিচাপ ৰাখি গ’ল হয় তেন্তে কিমান টকা পালে হয় । পিছে এতিয়াও এটা কাম কৰিব পাৰে এতিয়াৰ পৰা কৰা খৰছবোৰৰ হিচাপ ৰাখি যাওঁক যদি জীৱনৰ শেষ সময়লৈকে থাকে তেন্তে স্মৃতি হৈ ৰ’ব আৰু যদি আপোনাক এৰি যায় পইচা ঘূৰাই বিছাৰিব। দুয়োফালে লাভ আপোনাৰে।