Local, Vocal, Global

মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ২০ জুন : অপৰিবৰ্তিত বান পৰিস্থিতিৰ মাজতে‌ অসমৰ হোজাই জিলাত সংঘটিত হোৱা এক শোকাৱহ নাও দুৰ্ঘটনাত মৃত্যু হোৱা এজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

মৃতব্যক্তিজন চিৰাজুল হক বুলি চিনাক্ত কৰা হৈছে।

পূব বাগোৰী গাঁৱত (east Bagori village) পানীত ওপঙি থকা দেখা পোৱাৰ পিছত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে।

উল্লেখ কৰিব পাৰি যে ১৬ জুনত হোজাই জিলাৰ Bajrapurত এক শোকাৱহ নাও দুৰ্ঘটনা সংঘটিত হৈছিল। দুৰ্ঘটনাটোত তিনিজন লোক নিহত হৈছিল।

অনুৱাৰ বেগম আৰু চেলিমা খাতুন নামৰ দুজন মৃত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল, আনহাতে চিৰাজুল হকৰ মৃতদেহ উদ্ধাৰৰ বাবে উদ্ধাৰ অভিযান চলি আছিল।