Local, Vocal, Global

গুৱাহাটী মহানগৰীৰ ভৱিষ্যতক লৈ নতুন চিন্তা-চৰ্চা ৷ কিন্তু কি সেই চিন্তা-চৰ্চা?

নিউজ ডেস্ক, ১৯ জুন : বিগত কিছু দিন ধৰি অব্যাহত থকা মুষলধাৰ বৰষুণৰ ফলত বৰ্তমান গুৱাহাটী মহানগৰী পৰিণত হৈছে বান নগৰীত। কৃত্ৰিম বানপানী‌ আৰু মুষলধাৰ বৰষুণত স্তব্ধ ব্যস্ত মহানগৰীৰ জনজীৱন।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ তথা প্ৰৱেশদ্বাৰ হিচাপে পৰিচত গুৱাহাটী এতিয়া পৰিণত হৈছে বানহাটীত । সেয়েহে গুৱাহাটী মহানগৰীৰ ভৱিষ্যতক লৈ নতুন চিন্তা-চৰ্চা আৰম্ভ হৈছে ৷ কিন্তু কি সেই চিন্তা-চৰ্চা?

সলনি হ’ব পাৰে জনতা ভৱন আৰু অসম বিধানসভা সচিবালয়ৰ ঠিকনা। গুৱাহাটী মহানগৰীয়ে হেৰুৱাব নেকি ৰাজধানীৰ পৰিচয় ?

খবৰ অনুসৰি জনতা ভৱন আৰু অসম বিধানসভা সচিবালয় স্থানান্তৰিত হ’ব পাৰে গুৱাহাটীৰ পৰা ৷ তাৰ পৰিৱৰ্তে চৰকাৰী পৰ্যায়ত ছিংগাপুৰৰ আৰ্হিত গুৱাহাটী মহানগৰীক পৰ্যটনৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ চলিছে চিন্তা-চৰ্চা ৷ তাৰ লগে লগে দেশত গুৱাহাটীয়ে এক নতুন পৰিচয় লাভ কৰিব ৷ সেউজ মহানগৰ হিচাপে পৰিচিত হ’ব গুৱাহাটী আৰু দেশৰ অন্যতম পৰ্যটন মহানগৰৰ মৰ্যাদাও লাভ কৰিব পাৰে গুৱাহাটীয়ে ৷ কিন্তু গুৱাহাটী মহানগৰীয়ে হেৰুৱাব নেকি ৰাজধানীৰ পৰিচয় ?

যদি আগন্তুক ৫ বছৰৰ ভিতৰত গুৱাহাটীৰ পৰা ৰাজ্যৰ ৰাজধানী স্থানান্তৰিত হয়, তেন্তে যান-জঁট, বজাৰ-সমাৰ, কৃত্ৰিম বানৰ দৰে কেতবোৰ জটিল সমস্যাৰ পৰা গুৱাহাটীবাসীক হয়তো মুক্ত কৰাটো সম্ভৱ হৈ উঠিব পাৰে৷

শেহতীয়াকৈ প্ৰকাশ পোৱা এক তথ্য অনুসৰি মহানগৰীৰ মূল ৰাজপথৰ আশে-পাশে গঢ় লৈ উঠা বহুমহলীয়া অট্টালিকাসমূহত স্থায়ী আবাসী হিচাপে থকাসকলৰো ৬০ শতাংশই অনাঅসমীয়া পৰিয়াল। বৰ্তমান গুৱাহাটী মহানগৰীৰ ৪০ শতাংশতকৈও অধিক মাটি বহিৰাগত ব্যৱসায়ীৰ দখললৈ গৈছে। উল্লেখযোগ্য যে, যদি এনে ধাৰা অব্যাহত থাকে তেন্তে হয়তো আগন্তুক ২০ বছৰৰ ভিতৰত গুৱাহাটী মহানগৰীৰ গৰিষ্ঠসংখ্যক ভূমিতে থলুৱা অসমীয়াৰ অধিকাৰ নাথাকিব।

সুত্ৰ অনুসৰি, অসম চৰকাৰে আনুষ্ঠানিকভাৱে তথ্য সদৰী কৰা নাই যদিও ছিংগাপুৰৰ আৰ্হিত গুৱাহাটী মহানগৰী সৰ্বাংগসূন্দৰ কৰি তুলিবলৈ প্ৰস্তাৱ লৈছে ৷ উল্লেখযোগ্য যে, ইতিমধ্যে ছিংগাপুৰৰ এক প্ৰতিষ্ঠানৰ সৈতে ৰাজ্য চৰকাৰৰ বৈঠকো অনুষ্ঠিত হৈ গৈছে ৷

ৰাজ্য চৰকাৰৰ শীৰ্ষ সূত্ৰ অনুসৰি আগন্তুক সময়ত গুৱাহাটীৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰৰ নাতিদূৰলৈ স্থানান্তিৰত হ’ব পাৰে ৰাজধানী ৷ আৰম্ভ হৈছে উত্তৰ গুৱাহাটীৰ আশে-পাশে ভূমিৰ জৰীপ কাৰ্যও ৷

যদি তথ্য সম্পূৰ্ণ হয় তেন্তে গুৱাহাটীৰ সমীপত আন এখন বৃহৎ মহানগৰ গঢ়ি উঠাৰো পূৰ্ণ সম্ভাৱনা থাকিব ৷