ধাৰ লৈ ধনী হৈছিল নেকি গৌতম আদানী?

ডিজিটেল ডেস্কঃ- কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পিছত গৌতম আদানী মালিকানাধীন বহুকেইটা কোম্পানীৰ ব্যৱসায়িক উত্থান আৰু সফলতা লক্ষণীয় হৈ পৰিছে। কেৱল সিমানেই নহয়, আদানী গ্ৰুপৰ কোম্পানীত এলআইচি আৰু ভাৰতীয় ষ্টেট বেংকৰ দৰে বৃহত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানেও বুজন পৰিমাণৰ ধন বিনিয়োগ কৰিছিল।
এলআইচি আৰু ভাৰতীয় ষ্টেট বেংকে আদানী গ্ৰুপৰ কোম্পানীত ৮০ হাজাৰ কোটিতকৈ অধিক টকা বিনিয়োগ কৰিছিল। এই বৃহত পৰিমাণৰ বিনিয়োগৰ পিছতে আদানী গ্ৰুপৰ কোম্পানীসমূহত শ্বেয়াৰৰ মূল্যও যথেষ্ট বৃদ্ধি হয়। আদানী গ্ৰুপৰ এই ব্যৱসায়িক উত্থানক লৈ এক তদন্তমূলক প্ৰতিবেদন যুগুত কৰিছিল আমেৰিকাৰ হিণ্ডেনবাৰ্গ নামৰ প্ৰতিষ্ঠানটোৱে।
এই প্ৰতিবেদনত স্পষ্টভাৱে উল্লেখ কৰা হৈছিল যে বিজেপি চৰকাৰ বিশেষকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগ্ৰহ আৰু আশীৰ্বাদ লাভ কৰিহে গৌতম আদানী সফল ব্যৱসায়ী হিচাপে প্ৰতিষ্ঠিত হৈছিল। আৰু তাৰ পিছতে আৰম্ভ হয় আদানী গ্ৰুপৰ পতন। অতি কম সময়তে আদানীৰ সম্পদৰ মূল্যও বহুখিনি হ্ৰাস হয়। সেই বিপৰ্যয়ৰ পৰা গৌতম আদানী আজিও মুক্ত হব পৰা নাই। কিন্তু এই সময়তে পৃথিৱীৰ আন এখন বিখ্যাত সংবাদপত্ৰ ফৰ্বছতো আদানী গ্ৰুপৰ বিৰুদ্ধে বিস্ফোৰক তথ্য প্ৰকাশ হৈছে। কি সেই তথ্য-
যোৱা ২০ ফেব্ৰুৱাৰীত আমেৰিকাৰ ফৰ্বছ আলোচনীয়ে প্ৰকাশ কৰিছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ জ্ঞাতসাৰে গৌতম আদানী আৰু তেওঁৰ ভাতৃ বিনোদ আদানীয়ে বেংকৰ পৰা অনিয়মেৰে বহু হাজাৰ কোটি টকাৰ ঋণ লৈছে। কেৱল সিমানেই নহয়, বিনোদ আদানীক বৃহত অংকৰ ঋণ দিবলৈ ভাৰতৰ কেইবাটাও বেংকে অনৈতিক কৌশল অৱলম্বন কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ফৰ্বছ আলোচনীয়ে।
বিভিন্ন তথ্য সম্বলিত প্ৰতিবেদনত উল্লেখ থকা অনুসৰি গৌতম আদানীৰ কনিষ্ঠ ভাতৃ হোৱাৰ লগতে তেওঁৰ ব্যৱসায়ৰ অন্যতম অংশীদাৰ বিনোদ আদানীয়ে বেংকৰ পৰা ঋণ লোৱাৰ সময়ত বহু ভুল তথা বিভ্ৰান্তিকৰ তথ্য দাখিল কৰিছে। আনকি তেওঁ নিজকে সম্পদশালী অৰ্থাৎ ধনী লোক হিচাপে পৰিচয় দিবলৈ জালিয়াতিৰে বিভিন্ন বিত্তীয় লেনদেনৰ নথি-পত্ৰও প্ৰস্তুত কৰিছিল। ভাৰতৰ কেইবাটাও আগশাৰীৰ বেংকৰ পৰা অবৈধ প্ৰক্ৰিয়াৰে বুজন পৰিমাণৰ ধন ঋণ হিচাপে লৈ দেশৰ জনতাক প্ৰতাৰণা কৰা বুলিও ফৰ্বছৰ প্ৰতিবেদনত উল্লেখ আছে। একে প্ৰক্ৰিয়াৰে বিনোদ আদানীয়ে ৰাছিয়াৰ বেংকৰ পৰাও বৃহৎ অংকৰ ঋণ সৰকাইছে। অৱশ্যে এইক্ষেত্ৰত ভাৰত চৰকাৰৰ ভূমিকা সন্দেহৰ উৰ্ধত নহয় বুলিও ফৰ্বছৰ প্ৰতিবেদকে অভিযোগ কৰিছে।
উল্লেখ্য যে ২০২০ চনত গৌতম আদানীৰ সম্পদৰ মূল্যতকৈ বৰ্তমান সম্পদৰ মূল্য বহুখিনি কমিছে। ব্লুমবাৰ্গৰ শেহতীয়া তথ্য মতে গৌতম আদানীৰ সম্পত্তিৰ মূল্য প্ৰায় ৪৯ বিলিয়ন ডলাৰ। অথচ ২০২০ চনত তেওঁৰ সম্পত্তিৰ মূল্য আছিল প্ৰায় ১০০ বিলিয়ন ডলাৰ। অন্য অৰ্থত আদানী গ্ৰুপৰ কোম্পানীসমূহৰ বাণিজ্যিক পতন আৰম্ভ হৈছে। তেনে পৰিস্থিতিত আদানী গ্ৰুপক কোম্পানী যে বেংকসমূহক ঋণ ওভতাই দিব নোৱৰাতো একপ্ৰকাৰ নিশ্চিত হৈছে। আৰু সেইবাবে ফৰ্বছৰ প্ৰতিবেদনত এইবুলিও শংকা কৰা হৈছে যে আদানী গ্ৰুপে ঋণ লোৱা বেংকসমূহত যিসকল গ্ৰাহকে দীৰ্ঘম্যাদী সময়ৰ বাবে ফিক্সড ডিপোজিট কৰিছিল সেই ধন তেওঁলোকে ঘূৰাই পাবনে।
অৱশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংক অথবা কেন্দ্ৰীয় চৰকাৰে গৌতম আদানী আৰু বিনোদ আদানীয়ে বৃহত অংকৰ ঋণ লোৱা বেংকসমূহৰ তথ্য অদ্যপি ৰাজহুৱা কৰা নাই। ফৰ্বছ আলোচনীয়ে প্ৰকাশ কৰা এই সমুদায় তথ্যৰ পৰা এইটো স্পষ্ট হৈছে যে বেংকৰ পৰা ঋণ লোৱা ধনেৰে গৌতম আদানী আৰু তেওঁৰ ভাতৃ বিনোদ আদানী দেশৰ অন্যতম ধনী ব্যক্তি হিচাপে পৰিচিত হৈছে। আৰু তাৰ বিপৰীতে অনাগত দিনত হয়তো এই বেংকত ধন জমা থোৱা গ্ৰাহকসকলে সাঁচতীয়া ধন হেৰুৱাই দৰিদ্ৰ জীৱনো পালন কৰিবলগীয়া হব পাৰে।
অৱশ্যে কেন্দ্ৰীয় চৰকাৰ বা ভাৰতীয় ৰিজাৰ্ভ বেংকে সমুদায় তথ্য ৰাজহুৱা কৰাৰ পিছতহে প্ৰকৃত ছবি স্পষ্ট হব।