Local, Vocal, Global

ৰাজ্যত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড,স্বামীক ছুৰীৰে ৰেপি হত্যা পত্নীৰ

ডিজিটেল ডেস্কঃ-ৰাজ্যত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড । ছুৰীৰে ঘপিয়াই স্বামীক হত্যা কৰিলে পত্নীয়ে। হত্যাকাণ্ড সংঘটিত কৰি থানাত পত্নীৰ আত্মসমৰ্পণ । ভয়ংকৰ এই হত্যাকাণ্ডৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে শিলচৰত ৷ জানিব পৰা মতে, ফাৰমিন উদ্দিন নামৰ এগৰাকী ব্যক্তিক নিশা তেওঁৰ পত্নী মাপ্পী বেগমে ছুৰীৰে আক্ৰমণ চলাই হত্যা কৰে । পিছে হত্যাকাণ্ড সংঘটিত কৰি পত্নী মাপ্পী বেগমে শিলচৰ ৰাঙিৰখাৰি আৰক্ষী চকীত গৈ আত্মসমৰ্পণ কৰে । মৃত ফাৰমিন উদ্দিন এজন অটো চালক আছিল বুলি জানিব পৰা গৈছে। মৃত ফাৰমিন উদ্দিন হাইলাকান্দি জিলাৰ লালাৰ যদিও তেওঁ দীৰ্ঘদিনৰ পৰা শিলচৰ মেহেৰপুৰ কাবিউৰাত পৰিয়াল সৈতে ভাড়া ঘৰতে আছিলে।তেওঁলোকৰ আছে দুই পুত্ৰ সন্তানো ।পৰিয়াল কেন্দ্ৰীক বিবাদৰ ফলত এই হত্যাকাণ্ড সংঘটিত হৈছে বুলি সন্দেহ কৰা হৈছে।