Local, Vocal, Global

নৈত উটি অহা খৰি ধৰিয়েই চলাইছে জীৱন-জীৱিকা

ঢকুৱাখনাত নিজৰ জীৱনকো তুচ্চ কৰি একাংশ লোকৰ ভৰা লুইতত জীৱন সংগ্ৰাম। নৈত উটি অহা খৰি ধৰিয়েই চলাইছে জীৱন-জীৱিকা।

বাৰিষা ফেনে ফুটুকাৰে বাঢ়ি অহা লুইতৰ বুকুত মাতমৰা, খেৰকটা আদি দুয়োখন পঞ্চায়তৰ নৈপৰীয়া ৰাইজৰ জীৱন সংগ্ৰাম। এমুঠি খাদ্য, এডোখৰ বস্ত্ৰ আৰু অকণমান থকা ঠাইৰ বাবেই এই সংগ্ৰাম।

সৰু নাওখন লৈয়ে দিনটোৰ বাবে ওলাই গৈছে এওঁলোক।প্ৰখৰ ৰ’দ কিম্বা দোপালপিটা  বৰষুণেও স্তিমিত কৰিব পৰা নাই

এওঁলোকৰ অপ্ৰতিৰোধ্য গতি।

বছৰৰ পাছত বছৰ ধৰি ব্ৰহ্মপুত্ৰৰ বুকুত ভাহি অহা কাঠ ধৰি বিক্ৰী কৰি পোৱা পইচাৰে চলাইছে তেওঁলোকৰ পৰিয়াল। ডেকা-বুঢ়া, ল’ৰা-তিৰোতা সকলো ব্যস্ত হৈ পৰিছে কাঠ সংগ্ৰহত। নৈৰ বুকুৰ পৰা কাঠ ধৰি, সেই কাঠৰ পৰা খৰি ফালি বিক্ৰী কৰি পূৰণ কৰিছে তেওঁলোকৰ দৈনন্দিন অভাৱ।

নৈৰ কোবাল সোঁতত মৰণত শৰণ দি জীৱন সংগ্ৰামত অৱতীৰ্ণ হোৱা এইসকল দুৰ্ভগীয়াৰ উপাৰ্জনৰ বাবে নাই আন কোনো পথ।

ইফালে বিগত দুটা বছৰে ক’ৰোণাৰ বাবেও তেওঁলোকৰ ব্যৱসায়ত আহিছে বাধা। তথাপি কোনো আক্ষেপ নোহোৱাকৈ এনেদৰেই বছৰৰ পাছত বছৰ ধৰি চলাই গৈছে জীৱন সংগ্ৰাম৷

নহ’লে যে নৈৰ বুকুত কাঠ নধৰিলেই তেওঁলোকৰ আখলত নজ্বলে জুই।