Local, Vocal, Global

ৰাস্তাৰ পৰা অপহৰণ কৰি বন্ধ কোঠাৰ ভিতৰত হাত ভৰি বান্ধি পাশৱিক নিৰ্যাতন যুৱকক

ধিঙত অপহৰণ কাণ্ড ।ৰাস্তাৰ পৰা অপহৰণ কৰি বন্ধ কোঠাৰ ভিতৰত হাত ভৰি বান্ধি পাশৱিক নিৰ্যাতন যুৱকক ।

ধিঙত চাঞ্চল্যকৰ অপহৰণ কাণ্ড । দিন দুপৰতে এজন যুৱকক ৰাস্তাৰ পৰা অপহৰণ কৰি এটা বাসগৃহৰ ভিতৰত যুৱকজনক হাত ভৰি বান্ধি চলাই পাশৱিক নিৰ্যাতন । আৰু নিৰ্যাতন চলোৱা সমগ্ৰ দৃশ্য কেমেৰাত বন্দী কৰি চচিয়েল মিডিয়াতো ভাইৰেল কৰে অপহৰণকাৰীয়ে ।

এই ঘটনা সংঘটিত হৈছে ধিঙৰ বিলতীয়াত । হাৰুণ ৰচিদ নামৰ যুৱক জনে বটদ্ৰৱাৰ কৰ্মস্থলীৰ পৰা নিজা গৃহ ধিঙৰ মহখুটিলৈ গৈ থকা সময়তে সংঘটিত হয় এই অপহৰণৰ ঘটনা । বিলতীয়াত চাৰিটা অপহৰণকাৰীয়ে মটৰ চাইকেল আৰু চাকৰিচকীয়া বাহনেৰে হাৰুণ ৰছিদক চকুত বান্ধি অপহৰণ কৰি লৈ যায় । আৰু তাৰ পিছতেই এটা বন্ধ কোঠাৰ ভিতৰত হাত ভৰি বান্ধি চলাই পাশৱিক অত্যাচা ।

পাছত অপহৃত যুৱক জনক  ধিঙৰ ৰাধাআটিৰ পৰা আৰক্ষীয়ে উদ্বাৰ কৰে যদিও অপহৰণকাৰী পলাই যায় । বৃহস্পতিবাৰে ধিং আৰক্ষীয়ে আৰাফত আলী নামৰ এটা অপহৰণকাৰীক গ্ৰেপ্তাৰ কৰিছে ।

এতিয়াও পলাতক মেহবুব আলম,মাচুম,দিলদাৰ হুছেইন, আল্লাল উদ্দিন ,ইস্টাগবীৰ আৰু ইৰাক উৰফে ইনামুল হক অপহৰণকাৰী। জানিব পৰা মতে এই অপহৰণকাৰী চক্ৰটো বিভিন্ন অসামজিক কাৰ্যকলাপৰ লগতে চাইবাৰ অপৰাধীও ।

নগাওঁ আৰক্ষীয়ে এই অপহৰণকাৰী চক্ৰটোক কৰায়ত্ত কৰি উৎচিত শাস্তি দিৱলৈ ভুক্তভোগী যুৱক জনে দাবী জনাইছে ।