Local, Vocal, Global

হিমালয়ান চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসম সন্তান

হিমালয়ান চলচ্চিত্ৰ মহোৎসৱত জিলিকিল অসম সন্তানঃ চুটি ছবি “নেষ্টিঙ মুনিয়া” ই আঁজুৰিলে বঁটা

আজাদী কা অমৃত মহোৎসৱ উদযাপনৰ অংশ হিচাপে যোৱা ২৪ ছেপ্টেম্বৰৰ পৰা ২৮ ছেপ্টেম্বৰলৈ লাডাখৰ লেহত অনুষ্ঠিত হিমালয়ান চলচ্চিত্ৰ মহোৎসৱ (The Himalayan Film Festival )ত জুৰীৰ বিশেষ পৰিচালকৰ বঁটা লাভ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে শিৱসাগৰ জিলাৰ নাজিৰা পানীবিলৰ যুৱক  প্ৰাঞ্জল প্ৰতিম চেতিয়াই ৷

১২খন ৰাজ্যৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক তেওঁলোকৰ কামবোৰ প্ৰদৰ্শন কৰিবলৈ এখন মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্য প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা এই মহোৎসৱত অংশগ্ৰহণৰ সুবিধা লাভ কৰিছিল চলচ্চিত্ৰ পৰিচালক প্ৰাঞ্জল প্ৰতিম চেতিয়াই। উক্ত মহোৎসৱত প্ৰাঞ্জল প্ৰতিম চেতিয়াই এহাল টুনী চৰাইৰ ওপৰত নিৰ্মাণ কৰা “নেষ্টিং মুনীয়া” (Nesting Munia) নামৰ চলচ্চিত্ৰখন প্ৰদৰ্শন হৈছিল আৰু এই চলচ্চিত্ৰখনৰ বাবেই জুৰীৰ বিশেষ বঁটা লাভ কৰে তেওঁ৷ জনপ্ৰিয় ছবি শ্বেৰশ্বাহ প্ৰদৰ্শনেৰে আৰম্ভ হোৱা হিমালয়ান চলচ্চিত্ৰ মহোৎসৱতে যোৱা ২৮ ছেপ্টেম্বৰ তাৰিখে পৰিচালক চেতিয়াক এই বঁটা প্ৰদান কৰে।

বিগত দহ বছৰ ধৰি সংস্কৃতিক জগতৰ লগত জড়িত হৈ থকা অভিনেতা তথা চলচ্চিত্ৰ পৰিচালক প্ৰাঞ্জল প্ৰতিম চেতিয়াই বিভিন্ন ধাৰাবাহিক, চলচ্চিত্ৰ, তথ্যচিত্ৰ নিৰ্মাণ কৰি আহিছে৷ বৰ্তমান  মহাবাহু নামৰ পূৰ্ণ দৈৰ্ঘ্যৰ এখন অসমীয়া চলচ্চিত্ৰ নিৰ্মাণত ব্যস্ত পৰিচালকজন ৷

সংস্কৃতিৱান পৰিয়ালত জন্মগ্ৰহণ কৰা প্ৰাঞ্জল প্ৰতিম চেতিয়াৰ এই সফলতাত এতিয়া উৎফুল্লিত হৈছে পৰিয়ালৰ লোক তথা অঞ্চলবাসী৷ পুত্ৰৰ এই সফলতাত অনাতাঁৰ শিল্পী অবন্তী পামেগাম চেতিয়াই সুখী বুলি প্ৰকাশ কৰে। উল্লেখ্য যে কেন্দ্ৰীয় শাসিত পৰিষদ লাডাখ তথা কেন্দ্ৰীয় চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত আয়োজিত হৈছিল এই প্ৰতিযোগিতা।