Local, Vocal, Global

এহাল বৃদ্ধ দম্পত্তিৰ জীৱনৰ বাস্তৱ ছবি দেখিলে আপোনাৰ চকু সেমেকি উঠিব

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বহাৰা এহাল বৃদ্ধ দম্পত্তিৰ জীৱনৰ বাস্তৱ ছবি দেখিলে আপোনাৰ চকু সেমেকি উঠিব ।

কিন্তু এতিয়ালৈকে চৰকাৰৰ চকুত পৰা এওঁলোকৰ দৰিদ্ৰতাৰ ছবি।

 

এসময়ত এই দৰিদ্ৰ বৃদ্ধ দম্পত্তি হালৰো আছিল ঘৰ-বাৰী সকলো ব্ৰহ্মপুত্ৰৰ গৰাখনিয়াই মিনিশতে সকলো তচ-নচ কৰি পৰিয়ালটিক কৰিলে সৰ্বহাৰা।হয় এই আইতাগৰাকীৰ নাম লাহৰী শইকীয়া তেওঁলোক আছিল লাহৰিঘাটৰ জটিয়ালবড়িৰ বাসিন্দা ২০১০চনতে নদীয়ে ঘৰ-বাৰী খহাই নিয়াৰ পিছত বসবাস কৰিবলৈ এটুকুৰা ঠাই বিচাৰি খাইছিল হাবাথুৰি।

অৱশেষত বটদ্ৰৱা বৰসিঁচা গাঁৱৰ এজন ব্যক্তিয়ে ঘৰ সাজি থাকিবলৈ দিলে এটুকুৰা ঠাই কিন্তু অতি দুখৰ কথা ২০১০চনৰ পৰাই তেওঁলোক হৈ পৰিছে বটদ্ৰৱাৰ বাসিন্দা অথচ আজিলৈকে এই সতী সন্ততি নথকা বৃদ্ধ দম্পত্তি হালে পোৱা নাই চৰকাৰী কোনো ধৰণৰ আঁচনি।চৰকাৰৰ আশাতে তেওঁলোকে এটি জুপুৰি ঘৰ সাজি কদৰ্য্যময় পৰিৱেশত এসাজ খাই এসাজ নাখাই কটাইছে দুৰ্বিসহ জীৱন।

এইজনী আইতাই পাই আছিল এটি বৃদ্ধ পেনশ্বন তাৰ ওপৰতো পৰিল কুদৃষ্টি আইতাৰ বৃদ্ধ পেনশ্বনটোও কৰিলে কৰ্তন।অৱশেষত আইতাই সংবাদ মাধ্যমৰ যোগেদি বিচাৰিছে চৰকাৰৰ সহায় ওচৰ চুবুৰীয়াৰো চৰকাৰক জনাইছে অনুৰোধ যাতে এই পৰিয়ালটিক অলপ সহায় কৰে বৃদ্ধ বয়সৰ বাকী থকা দিনকেইটা যাতে অলপ হলেও সুখেৰে কটাব পাৰে এই সন্তানসীন বৃদ্ধ দম্পত্তি হালে।