Dhemaji Me-Dam-Me-Phi:ধেমাজি ঐতিহাসিক হাবুংত পবিত্ৰ মে-ডাম-মে-ফী উদযাপন
৩১জানুৱাৰী ২০২৫,ধেমাজি: আজি পবিত্ৰ মে-ডাম-মে-ফী উপলক্ষে পূৱাৰে পৰা ধেমাজিৰ ঐতিহ্য মণ্ডিত হাবুঙৰ বাকৰিত ভিৰ হাজাৰ হাজাৰ ভক্তৰ। স্বৰ্গদেও চাওলুঙ চ্যুকাফাৰ দ্বিতীয় ৰাজধানী হাবুঙৰ বাকৰিত হাবুঙ উন্নয়ন পৰিচালনা সমিতিয়ে পাঁচদিনীয়াকৈ আয়োজন কৰে মে-ডাম-মে-ফী।আজি শেষৰ দিনা পৰম্পৰাগত মাংগলিক পূজা অৰ্চনা ৰে মে-ডাম-মে-ফী আয়োজন কৰা হয়।ইফালে পাঁচদিনীয়াকৈ আয়োজন কৰা অনুষ্ঠান টিত বিশেশকৈ পুৰণি খেল-ধেমালি, সাহিত্য আৰু সাংস্কৃতিক বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰে মে-ডাম-মে-ফী। আজি শেষৰ দিনা ফুৰালুঙ ধৰ্মীয় ৰীতি নীতিৰে পূৰ্ব পুৰুষক স্মৰণ আৰু আৰধনা কৰে মে-ডাম-মে-ফীত।