FIR lodged in Nagarbera against AAMSU leader : আমছু নেতাৰ প্ৰতাৰণাৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ
৩১ জানুৱাৰী ২০২৫ ,নগৰবেৰা : এগৰাকী আমছু নেতাৰ প্ৰতাৰণাৰ বিৰুদ্ধে নগৰবেৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। আমছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক ফুলোজ উদ্দিনৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ। ইটা ব্যৱসায়ৰ নামত শ্বাহিদুল ইছলাম নামৰ এজন ব্যক্তিৰ পৰা ২ লাখ ২২ হাজাৰ টকা আনি ঘুৰাই নিদিয়াৰ বাবেই আমছু নেতা ফুলোজ উদ্দিনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ভূক্তভোগীয়ে। কিছুদিন পূৰ্বে টকা ঘুৰাই দিম বুলি ঘৰলৈ মাতি নি ভূক্তভোগী শ্বাহিদুল ইছলামক প্ৰাণনাশৰ ভাবুকি প্ৰদান কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী যুৱকজনে। আমছু নেতাজনৰ এনে প্ৰতাৰণাই চৰ্চা লাভ কৰিছে অঞ্চলটোত