Local, Vocal, Global

বলাহী নৈৰ খহনীয়াত মাটি-ভেটি উচন গ’ল ঢকুৱাখনাৰ বহুকেইটা পৰিয়ালৰ

বিগত পাঁচ-ছয় বছৰৰ পৰা বলাহী নৈৰ খহনীয়াই গাঁও দুখনৰ জনতাক জ্বলা-কলা খুৱাই আহিছে যদিও আজিপৰ্যন্ত খহনীয়া প্ৰতিৰোধৰ কোনো ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰা নাই চৰকাৰে৷ বলাহীৰ খহনীয়াত প্ৰতিবছৰেই ৰূপহী আৰু কাঠনি গাঁৱৰ কমেও ৪-৫ ঘৰকৈ লোকৰ ঘৰ-ভেটি, আৰু বহুতৰ খেতিৰ মাটি খহাই নি বৃহৎ সমস্যাৰ সৃষ্টি কৰি আহিছে যদিও গাঁও দুখনৰ ৰাইজৰ মূল সমস্যাটোক লৈ কোনো জনপ্ৰতিনিধিৰে গুৰুত্ব নাই। গাঁও দুখনৰ সৰহসংখ্যক লোক নিৰক্ষৰ আৰু হোজা কৃষক হোৱাৰ বাবেই একাংশ পঞ্চায়ত প্ৰতিনিধি আৰু ঠিকাদাৰে প্ৰতিবছৰেই এই গাঁও দুখনক গৰাখহনীয়াৰ পৰা সুৰক্ষা দিয়াৰ নামত ইখনৰ পিছত সিখন আঁচনি ৰূপায়ণ কৰি লাখ লাখ টকাৰ লুণ্ঠন আৰু শৰাধ কৰি আহিছে যদিও বাস্তৱত গহনীয়াৰ পৰা সুৰক্ষিত হোৱা নাই ৰাইজ। বৰ্তমানো বাৰিষা আৰম্ভ হোৱাৰ লগে লগে বলাহীৰ খহনীয়াই কেইবাটাও অংশত তীব্ৰ ৰূপ ধাৰণ কৰিছে। খহনীয়াই ৰপহী শিৱ মন্দিৰৰ পৰা কাঠনি গাঁও সংযোগী পথটোৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিছে। ফলত দেৱলীয়া গাঁও পঞ্চায়তৰ পৰা তৎকালীনভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ স্পাৰ দিয়াৰ এখন আঁচনি ৰূপায়ণ কৰে চাৰিজনকৈ ঠিকাদাৰৰ জৰিয়তে। স্থানীয় ৰাইজে জনোৱা মতে ঠিকাদাৰকেইজনে খহনীয়া প্ৰতিৰোধৰ বাবে বাঁহৰ স্পাৰ স্থাপন কৰে যদিও সেয়া পানীৰ সোঁতৰ গতি স্তব্ধ কৰিব পৰাকৈ কাৰিকৰীভাৱে সৱল হোৱা নাই। ফলত স্পাৰ মৰাৰ কেইদিনমান পিছতেই কেইবাটাও বাঁহৰ স্পাৰ জাহ গ’ল খহনীয়াত। স্থানীয় গঞাৰ অভিযোগ অনুসৰি ঠিকাদাৰে স্পাৰ মৰাৰ কাম সঠিকভাৱে কৰা নাই। সেয়ে খহনীয়াৰ প্ৰকোপ এতিয়াও কমা নাই ৰূপহী, বলাহী, কাঠনি গাঁৱত। গতিকে বলাহী নদীৰ খহনীয়া ৰোধৰ বাবে এখন বিজ্ঞানসন্মত খহনীয়া প্ৰতিৰোধ আঁচনি ৰূপায়ণৰ বাবে বিধায়ক নৱ কুমাৰ দলেৰ লগতে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে ভুক্তভোগী গঞাই।