Local, Vocal, Global

লকডাউনৰ প্ৰভাৱ, পূর্বতকৈ কেইবাগুণো বাছভাড়া বৃদ্ধি

লকডাউনৰ পিছত অত্যধিক বৃদ্ধি হৈছে বাছভাড়া। কৰ’ণা মহামাৰীৰ বাবে সমগ্ৰ দেশতে বিভিন্ন বয়বস্তুৰ দাম বৃদ্ধি হোৱাৰ লগতে যাতায়াতৰ বাবেও অত্যধিক মূল্য ভৰিব লগা হৈছে যাত্ৰীসকলে। লকডাউনৰ পূৰ্বে থকা যাত্ৰীবাহী বাছৰ ভাড়া একেকোবে বৃদ্ধি পাইছে কেইবা গুণো৷ লকডাউনৰ পূৰ্বে পাঠশালাৰ পৰা গুৱাহাটীলৈ যাত্ৰীবাহী বাছৰ ভাড়া আছিল ৯০টকা। কিন্তু লকডাউনৰ পিছত বাছ চলাচল কৰা এই ভাড়া বৃদ্ধি হৈ তিনিশ টকাপৰ্যন্ত হয়। উল্লেখ্য যে, বাছ যাত্ৰীৰ আসনৰ সংখ্যা আধা কৰাৰ বাবে আৰু পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধি প্ৰভাৱৰ বাবে অত্যধিক ভাড়া বহন কৰিব লগা হৈছে যাত্ৰীসকলে। আনহাতে, ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণকৈ নিৰ্মাণ নোহোৱাৰ পিছতো টোলগে’টত কৰ দিব লগা হোৱা বাবে বৃদ্ধি পাইছে বাছভাড়া। মুঠতে কৰ’ণা ভাইৰাছ আৰু লকডাউনে মাধমাৰ শোধাইছে সাধাৰণ জনতাক।