Local, Vocal, Global

Dhakuakhana Murder Investigations Underway : সুনীল গগৈ জীয়াই আছে! CIDয়ে সুনীল গগৈৰ পত্নীক জনালে বিস্ফোৰক তথ্য

নিউজ ডেস্ক,১০জুলাই : ঢকুৱাখনাৰ সুনীল গগৈ কাণ্ডৰ ৩৯ দিন উকলি যোৱাৰ পিছত পোহৰলৈ আহিছে এক বিস্ফোৰক তথ্য। সুনীল গগৈ জীয়াই আছে। CIDয়ে সুনীল গগৈ সন্দৰ্ভত লাভ কৰিছে বিশেষ তথ্য । CIDয়ে সুনীল গগৈৰ পত্নীক জনালে বিস্ফোৰক তথ্য(Dhakuakhana Murder Investigations Underway)।

সুনীল গগৈ ফোন কৰিছিল CIDৰ IGP সংযুক্তা পৰাশৰে। ফোন কৰি বগা সাজ পিন্ধিবলৈ মানা কৰিছিল সুনীল গগৈৰ পত্নীক। সুনীল গগৈ জীৱিত থকাৰ ইংগিত সংযুক্তা পৰাশৰৰ।

উল্লেখ্য যে, ১ জুনৰ নিশা ঢকুৱাখনাৰ নাহৰণিচুকৰ চোমনিত উদ্ধাৰ হৈছিল এটা মৃতদেহ।উদ্ধাৰ হোৱা মুণ্ডহীন মৃতদেহটো প্ৰথম অৱস্থাত জল জীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈৰ বুলি সন্দেহ কৰা হৈছিল যদিও CID আৰু আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছিল আন এক তথ্য।উদ্ধাৰ হোৱা মৃতদেহটোৰ DNA পৰীক্ষাৰ প্ৰতিবেদনত জানিব পৰা যায় যে মৃতদেহটো সুনীল গগৈৰ নাছিল। মৃতদেহটো আছিল জাহাংগীৰ হুছেইন নামৰ ধুবুৰীৰ এজন ৰাজমিস্ত্ৰীৰ।

জাহাংগীৰ হুছেইন আছিল সুনীল গগৈৰ অতি ঘনিষ্ঠ। মৃতদেহটো সুনীল গগৈৰ নহয় বুলি আৰক্ষী নিশ্চিত হোৱাৰ পিছত সন্ধানহীন সুনীল গগৈক বিচাৰি অব্যাহত আছিল আৰক্ষীৰ তদন্ত। আনকি আৰক্ষীয়ে বিচাৰি নাপালে মুণ্ডহীন জাহাংগীৰৰ মৃতদেহটোৰ ছিন্ন মুণ্ডটিও। সুনীলৰ ঘৰত থকা গোটেইকেইটা পুখুৰী সিঁচি চলাথ কৰাৰ পিছতো আৰক্ষীয়ে বিচাৰি নাপালে জাহাংগীৰৰ ছিন্ন মুণ্ডটি ।

সন্ধানহীন সুনীল গগৈক বিচাৰি আৰক্ষীয়ে কৰি থকা তদন্তত সুনীল গগৈৰ পত্নী আৰু পুত্ৰক আৰক্ষীয়ে ধাৰাবাহিকভাৱে জেৰা কৰি আছিল, কিন্তু লাভ কৰা নাছিল কোনো তথ্য।

অৱশেষত ৩৯ দিনৰ অন্তত আজি আৰক্ষীৰ তৰফৰ পৰা জানিব পৰা গ’ল এই চাঞ্চল্যকৰ তথ্য। CIDৰ IGP সংযুক্তা পৰাশৰে সুনীল গগৈৰ পত্নীক ফোন কৰি আশ্বাস দিছে সুনীল গগৈ জীয়াই থকাৰ কথা। আৰক্ষীয়ে ইংগিত লাভ কৰিছে সুনীল গগৈৰ অৱস্থিতিৰ।

লগতে পঢ়ক : Restrictions imposed for Indian Army : সেনাত নিয়োজিত জোৱান সকলে অন ডিউটিত কৰিব নোৱাৰিব এইসমূহ কাম;অন ডিউটিত কিছু কাম কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি