Local, Vocal, Global

Dhakuakhana Murder Investigations Underway : ৯ দিন উকলি যোৱাৰ পিছতে কোনো ধৰণৰ সন্ধান পোৱা নাই সুনীল গগৈৰ হত্যাকাৰীৰ

নিউজ ডেস্ক,১০জুন : ৯ দিন উকলি যোৱাৰ পিছতে কোনো ধৰণৰ সন্ধান পোৱা নাই সুনীল গগৈৰ হত্যাকাৰীৰ।

আৰক্ষীয়ে জোৰদাৰ অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত কোনো ক্লু উলিয়াব পৰা নাই ।

ঢকুৱাখনা সদৰ থানাৰ সাপতিয়া চেতিয়া গাঁৱৰ সুনীল গগৈ পাশৱিক হত্যাকাণ্ডৰ সোমবাৰে ১০টা দিনত ভৰি দিলে। সমগ্ৰ অসম কঁপাই যোৱা সুনীল গগৈ হত্যাকাণ্ডৰ জঘন্যতা আৰু দানৱতা প্ৰত্যক্ষ কৰি স্তম্ভিত হৈছিল অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং(Dhakuakhana Murder Investigations Underway)।

এগৰাকী সৎ, নিষ্ঠাবান ,পৰোপকাৰী ব্যক্তিৰ এই নিৰ্মম হত্যাকাণ্ডৰ ১০টা দিন উকলাৰ পাছতো হত্যাকাৰীক চিনাক্ত কৰা কিম্বা ঘাটকে শিৰচ্ছেদ কৰি লৈ যোৱা গগৈৰ মূৰ উদ্ধাৰ কৰিবলৈ সক্ষম নহল অসম আৰক্ষী।

সুনীল গগৈৰ দুৰ্ভগীয়া পৰিয়ালে আশা কৰিছিল পৰম্পৰাগতভাৱে অনুষ্ঠিত হ’বলগা দহাৰ পূৰ্বে ঘৰখনৰ একমাত্ৰ মুৰব্বীজনৰ বিছিন্ন মুণ্ড উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব আৰক্ষী। কিন্তু এই অন্তিম ইচ্ছা পূৰণ কৰিবলৈ নির্লজভাৱে সক্ষম নহ’ল আৰক্ষী। এনে মৰ্মান্তিক আশাকো অৱশেষত জলাঞ্জলি দি সোমবাৰে মৃতকৰ ঘৰত অনুষ্ঠিত কৰা হয় দহা অনুষ্ঠান।

সোমবাৰে পুৱাই ভকত বৈষ্ণৱ ৰাইজ মৃতকৰ ঘৰত উপস্থিত হৈ এই মাংগলিক কাৰ্য আৰম্ভ কৰে। আত্মীয় স্বজন, অগণন গুণগ্ৰাহী আৰু শুভাকাংক্ষীযে অশ্ৰুসিক্ত নয়নেৰে পুৱাই উপস্থিত হৈ হত্যাকাণ্ড স্থলীত চাকি বন্তি জ্বলাই মৃতকৰ আত্মাৰ স্বৰ্গ সুখ প্ৰাপ্তি কামনাৰে প্ৰাৰ্থনা জনাই। নিষ্ঠুৰ ঘাটক আৰু এই পাশৱিক কাণ্ডত জড়িত সকলোৱে এনে অৱৰ্ণনীয় যন্ত্ৰণাত ভোগাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়।

ইয়াৰ পাছতে ধৰ্মীয় পৰম্পৰা অনুসৰি পিণ্ড দান কৰাৰ পাছত শান্তিজলেৰে গৃহস্থক পবিত্ৰ কৰি নাম প্ৰসংগ অনুষ্ঠিত কৰা হয়।

লগতে পঢ়ক : Dhakuakhana Murder Investigations Underway : পাঁচ দিন উকলি যোৱাৰ পিছতে কোনো ধৰণৰ সন্ধান পোৱা নাই সুনীল গগৈৰ হত্যাকাৰীৰ