Local, Vocal, Global

Massive fire breaks out at Rangia : বিধ্বসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান

নিউজ ডেস্ক,১০জুন : বিধ্বসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত ব্যৱসায়িক প্ৰতিষ্ঠান।

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত এক নং ধুহিত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাটো ।

এই অগ্নিকাণ্ডটো ইমানে ভয়ংকৰ আছিল যে নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে আৰু দুটাকৈ পৰিয়ালৰ ব্যৱসায়িক প্ৰতিষ্ঠানসহ বাসগৃহ ভস্মীভূত হয়। এই অগ্নিকাণ্ডত আব্দুল হামিদ আৰু মজিবৰ ৰহমান নামৰ লোক দুজনৰ বাসগৃহ ভস্মীভূত হয়(Massive fire breaks out at Rangia) ৷

এই অগ্নিকাণ্ডৰ ঘটনাটো সংঘটিত হোৱাৰ পিছতে গাঁৱবাসীয়ে ততাতৈয়াকৈ অগ্নিনিৰ্বাপক বাহিনীক ঘটনা সন্দৰ্ভত খবৰ দিয়ে আৰু জুই নুমাবলৈ চেষ্টা কৰে । অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখনকৈ বাহন ঘটনাস্থলীত উপস্থিত হয় জুই নিৰ্বাপন কৰে ৷বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ । বৈদ্যুতিক শ্বৰ্ট চাৰ্কিতৰ ফলত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ ।

লগতে পঢ়ক : BJP government’s oath taking in Odisha shifts to June 12 : ওড়িশাত বুধবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্রীয়ে শপতগ্রহণ কৰাৰ সম্ভাৱনা