Local, Vocal, Global

Attack On Manipur Chief Ministers Convoy : মণিপুৰত মুখ্যমন্ত্ৰীৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণ;আহত নিৰাপত্তাৰক্ষী

নিউজ ডেস্ক,১০জুন : পুনৰ অশান্তজৰ্জৰ মণিপুৰত ভয়ংকৰ ঘটনা । এইবাৰ মণিপুৰত মুখ্যমন্ত্ৰীৰ কনভয়ত চলিল সন্ত্ৰাসবাদীৰ আক্ৰমণ। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে জিৰিবামলৈ যোৱা নিৰাপত্তাৰক্ষীৰ এডভাঞ্চ টীমৰ ওপৰত এম্বুশ্ব(Attack On Manipur Chief Ministers Convoy)।

জিৰিবামৰ কে এ ছিনাম গাঁৱত পুৱা সংঘটিত হয় এই ভয়ংকৰ ঘটনাটো। বাহনখনৰ চাৰিওফালৰ পৰা নিৰ্বিচাৰ গুলীচালনা কৰে দুষ্কৃতিকাৰীয়ে। এই ঘটনাত আহত হয় দুগৰাকী নিৰাপত্তাৰক্ষী। এই এম্বুশ্বৰ আঁৰত কুকি উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ কৰা হৈছে। ঘটনাৰ পিছতে অঞ্চলটোত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে।

প্ৰাপ্ত খবৰ অনুসৰি, ইম্ফলৰ জিৰিবাম পুৱা প্ৰায় ১০বজাতে সংঘটিত হোৱা এই আক্ৰমণৰ ঘটনাৰ পাছতে উক্ত স্থানত অৰ্ধসামৰিক বাহিনীৰ জোৱানক নিয়োগ কৰা হৈছে। বৰ্তমানো উক্ত অঞ্চলটোত চেপা উত্তেজনাই বিৰাজ কৰিছে।

সন্ত্ৰাসবাদীৰ আক্ৰমণত মৈবাংথেম আজেশ নামৰ এগৰাকী আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয়। বৰ্তমান চিকিৎসাধীন হৈ থকা জোৱানজনৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে। উক্ত স্থানত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে(Major terrorist attack on Manipur CM`s Security Convoy)।

লগতে পঢ়ক : BJP government’s oath taking in Odisha shifts to June 12 : ওড়িশাত বুধবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্রীয়ে শপতগ্রহণ কৰাৰ সম্ভাৱনা